প্ৰাথমিক শিক্ষকৰ সমস্যা : ৰাজ্যিক শিক্ষক সন্মিলনৰ প্ৰতিবাদী শোভাযাত্ৰা

protest_assam_primary_teachers

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সমগ্ৰ ৰাজ্যত অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে প্ৰতিবাদী শোভাযাত্ৰা আৰু জেল ভৰো কাৰ্যসূচী। উক্ত কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই আজি প্ৰাগজ্যোতিষপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়েও গ্ৰহণ কৰে এই কাৰ্যসূচী।

দিনৰ ১১ বজাত আৰম্ভ হোৱা এই প্ৰতিবাদী শোভাযাত্ৰা আৰু জেলভৰো কাৰ্যসূচী গুৱাহাটী মহানগৰীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যলয়লৈকে উলিওৱা হয়। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰগজ্যোতিষপুৰ মহকুমাৰ সভাপতি বিপুল কুমাৰ দাকোৱা আৰু সম্পাদন প্ৰদীপ কলিতাকে ধৰি বহুসংখ্যক মহকুমাৰটো প্ৰাথমিক শিক্ষকে। 

উল্লেখ্য যে তেওঁলোকৰ দাবীসমূহ হৈছে ৰাজ্যত খালি হৈ থকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ লগতে সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰে গ্ৰেড পে ব্যৱস্থা কৰা। ইয়াৰ উপৰিও কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি 
বিনাচৰ্তে নিয়মীয়াকৰণ কৰা। আনহাতে ৰাজ্যত যিসকল শিক্ষক আজি বেতনৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বেতন মুকলি কৰি দিয়া লগতে চাকৰি নিয়মীয়া কৰাৰো দাবী জনায়।

আনহাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সম্পাদক প্ৰদীপ কলিতাই কয় যিসমূহ প্ৰাথমিক বিদ্যালয় বৰ্তমান সময়তো চৰকাৰীকৰণ হোৱা নাই সেইসমূহ অতি শীঘ্ৰে চৰকাৰীকৰণ কৰাৰ বা দাবী জনায়। তাৰ সমান্তৰালকৈ তেওঁ কয় অসম চৰকাৰে এখন শিক্ষা আয়োগ গঠন কৰি শিক্ষকৰ সমস্যা সমাধানৰ লগতে শিক্ষা ব্যৱস্থা সংস্কাৰৰ দাবী জনায়। 

ইয়াৰ উপৰিও এই কাৰ্যসূচী পৰাই শিক্ষকসকলে দাবী কৰে শিক্ষকসকলৰ চাকৰি নিৰাপত্তা প্ৰদান কৰাৰ লগতে ২০১৭ চনৰ বৃত্তি পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে ঘোষণা কৰাৰ বাবে। আনহাতে, এই প্ৰতিবাদৰ পিছত প্ৰতিবাদকাৰীসকলে কামৰূপ জিলা উপায়ুক্তকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক-পত্ৰ প্ৰদান কৰে।

Your Comments