পুলৱমা বৰ্বৰ আক্ৰমণৰ ১২ দিনত পাকিস্তানক প্ৰথমটো প্ৰতিশোধ ভাৰতীয় সেনাৰ। পাকিস্তান অধিষ্ঠিত কাশ্মীৰ বালাকোট অঞ্চলত পুৱতি নিশা ৩০.৩০ বজাত আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ। ভাৰতীয় বায়ুসেনাই ২১ মিনিট ধৰি চলোৱা এই আক্ৰমণ চকুটি আৰু মুজফৰাবাদটো সংঘটিত হয়।
উল্লেখ্য যে এই আক্ৰমণৰ ভাৰতীয় বায়ুসেনাই উক্ত অঞ্চলটোত নিক্ষেপ কৰা ১০০০ কিলোগ্ৰাম ওজনৰ শক্তিশালী বোমা। আনহাতে এই আক্ৰমণত ভাৰতীয় বায়ু সেনাই ব্যৱহাৰ কৰিছিল ১২ খন যুদ্ধ বিমান। এই কথা ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰাৰ পাছতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অৱগত কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ইফালে ভাৰতীয় সেনাৰ আক্ৰমণৰ কথা টুইটাৰত স্বীকাৰ কৰিলে পাকিস্তানৰ সেনা বিষয়াইয়ো।
ইফালে সমগ্ৰ আক্ৰমণৰ ঘটনাটো প্ৰধানমন্ত্ৰী আৰু দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰাৰ পিছত দিল্লীত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আজি পুৱা অনুষ্ঠিত হয় নিৰাপত্তা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী প্ৰমুখ্যে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী।
ইফালে বৈঠকৰ অন্তত দিনৰ ১১.৩০ বজাত দিল্লীত বিদেশ সচিবে আক্ৰমণৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত তেওঁ কয় যে ২০ বছৰে পাকিস্তানত জঈছ-ই-মহম্মদ সক্ৰিয় হৈ আছিল। কিন্তু সেই কথা পাকিস্তানে বাৰে বাৰে নাকচ কৰি আহিছিল। লগতে তেওঁ কয় ভাৰতীয় বায়ুসেনাই বালাকোটত বিমানেৰে আক্ৰমণ কৰাত জঈছ-ই-মহম্মদৰ বৃহৎ ঘাটি এই আক্ৰমণত ধ্বংস কৰা হৈছে। আক্ৰমণত জঈছ-ই-মহম্মদৰ শীর্ষ কমাণ্ডাৰ লগতে প্ৰশিক্ষণৰত সন্ত্ৰাসবাদী নিহত হৈছে। তাৰ সংখ্যা দুই পৰা তিনিশতাধিক হ'ব বুলি কোৱা হৈছ। সংবাদমেলত লগতে কয় যে জঈছ-ইম-হম্মদৰ ঘাটি আক্ৰমণ কৰাটো দেশৰ বাবে জৰুৰী হৈ পৰিছিল। ইফালে এই আক্ৰমণত পাকিস্তানৰ ৫ সেনা জোৱানো নিহত হোৱা বুলি উল্লেখ কৰে বিদেশ সচিবগৰাকীয়ে।
আনহাতে এই আক্ৰমণৰ পিছতে পাকিস্তানত ভয়ত কম্পিত হোৱা দেখা গৈছে। পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত জৰুৰী বৈঠক আহ্বান কৰিছে। আনহাতে বায়ুসেনা এই আক্ৰমণৰ পিছত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে টুইটাৰতযোগে কয় যে 'আইএএফ বিমাৰ চালকসকলক ছেলুট জনাইছোঁ'।
- Log in to post comments
- 43 views