পাক অধিকৃত কাশ্মীৰৰ বালাকোটত ১০০০ কিলোগ্রাম ওজনৰ বোমা নিক্ষেপ ভাৰতীয় বায়ুসেনাৰ। আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাৰ পৰা ভাৰতীয় বায়ুসেনাই ১২ খন মিৰাজৰ দ্বাৰা সংঘটিত কৰিছে আক্ৰমণ। উল্লেখ্য যে পাক অধিকৃত কাশ্মীৰৰ এই অঞ্চলটোত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী জঈছ-ই-মহমদৰ ঘাটি থকা খবৰ পাইছিল ভাৰতীয় বায়ুসেনাই।
তাৰ পিছতেই ভাৰতীয় বায়ুসেনাই আক্ৰমণ চলাইছিল উক্ত অঞ্চলটোত। এই আক্ৰমণত ইতিমধ্যে জঈছ-ই-মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ "আলফা-৩", লাঞ্চ পেদ ধ্বংস হোৱা বুলি বুলি জানিব পৰা গৈছে। আনহাতে এই আক্ৰমত সন্দেহ কৰা হৈছে ২০০-৩০০ লোক হতাশত হোৱা। গুৰুত্বপূৰ্ণ কথা এই যে এই আক্ৰমণৰ সময়ত ভাৰতীয় বায়ু সেনা কেইবাখনো যুদ্ধবিমানে এলঅ'চি অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ভাৰতীয় বায়ুসেনাই আক্ৰমণ কৰাৰ কথা টুইটাৰত স্বীকাৰ পাকিস্তান সেনা মেজৰ জেনেৰেল আছিফ গফুৰৰ। তেওঁ তাপয্যপূৰ্ণভাৱে উল্লেখ কৰিছে "আমি ভাৰতীয় সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছোঁ"।
আনহাতে এই সমগ্ৰ আক্ৰমণৰ সন্দৰ্ভত ভাৰতীয় বায়ুসেনা প্ৰধানে অতি শীঘ্ৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰাব বুলিও জানিবলৈ দিছে।ইফালে ঘটনাৰ সংঘটিত কৰাৰ পাছত বৰ্তমান কাশ্মীৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰপত্তা ব্যৱস্থা।
- Log in to post comments
- 17 views