সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰচনৰ ধৰ্মঘটৰ হুংকাৰ

co-operative_store_indian_federation

চৰকাৰৰ বঞ্ছনাৰ বিৰুদ্ধে দহদফীয়া দাবী লৈ এইবাৰ ধৰ্মঘটত নামিব সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থা  সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰচনৰ আহ্বান মৰ্মে অহা ১মাৰ্চ পৰা সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাইয়ো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী লৈ ৰূপায়ণ কৰিব অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী তাৰ ফলত অহা ১মাৰ্চ পৰা হিতাধিকাৰীসকলে ধৰ্মঘট প্ৰত্যাহাৰ নকৰা পয্যন্ত নাপাব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল আৰু কেৰাচিন

এই কথা আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থা সাধাৰণ সম্পাদক হেমন্ত কুমাৰ ডেকাই সংবাদ মেলত ডেকাই কয় যে অসম চৰকাৰ ফেব্ৰুৱাৰীত বিধানসভা বাজেটত হিতাধিকাৰীসকলৰ বাবে যি পূৰ্ব ৩ টকা ঠাইত ১ টকাত প্ৰদান কৰিবলৈ ওলাইছে সেই পদক্ষেপক আমি সমৰ্থন জনাইছোঁ কিন্তু আমি চৰকাৰৰ পৰা পাবলৈ থকা  ১৩০ কোটি ৩৬ লাখ ২৭ হাজাৰ বকেয়া পাবলৈ থকা পাছতো আজিলৈকে নাপাইহে আমি ক্ষোভিত হৈ পৰিছে

উল্লেখ্য যে সুলভ মূল্য ব্যৱসায়ীসকলক হিতাধিকাৰীসকলক সামগ্ৰী যোগান ধৰাৰ নামত কেন্দ্ৰীয় চৰকাৰে ১৪৩টকাকৈ দিয়ে ৰাজ্য চৰকাৰক তাৰে ৰাজ্য চৰকাৰে বৰ্তমান সময়ত ১০০.১০টকাকৈ ব্যৱসায়ীসকলক আদায়দি ৪২.৯০টকাকৈ কাটি ৰাখে কিন্তু অতি পৰিত্ৰাপৰ কথা অসম চৰকাৰৰ যোগান বিভাগে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা সেই ১০০.১০ টকাও সময় মতে আদায় নিদিয়ে সুলভ মূল্য দোকানীসকলক আৰু ৪২.৯০ টকা কৈ কাটি ৰখা বকয়া টকা মুকলি কৰি দিয়া নাই ব্যৱসায়ীসকলক

এই অভিযোগ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ ডেকা তদুপৰি,  তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছে সকলোৰে বাবে খাদ্য যোগান ধৰা, ৰাজ সাহায্য যুক্তি কেৰাচিন আৰু চেনী যোগান অব্যাহত ৰখা সামগ্ৰী বিতৰণৰ বাবদ ব্যৱসায়ীসকলক প্ৰতি কুইন্টলত  ৫০০ টকাকৈ কমিচনৰ ব্যৱস্থা কৰা আদি

আনহাতে, এই সংবাদ মেলতে ব্যৱসায়ী সন্থাটোৱে জানিবলৈ দিয়ে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰী লগত আলোচনা কৰিছে কিন্তু প্ৰতিবাৰতে তেওঁলোকে আশ্বাস দিয়ে সমস্যা সমাধান কৰাৰ, কিন্তু আজিলৈকে সমস্যাসমূহ সমস্যায়েই হৈ থাকিল বুলি তেওঁ উল্লেখ কৰে সংবাদ মেলত অহা মাৰ্চ তাৰিখৰ দিনা সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেছনে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব উক্ত ধৰ্ণা কাৰ্যসূচীত অসমৰ সুলভ মূল্য ব্যৱসায়ী সন্থাইয়ো অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে

Your Comments