অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত আয়োজিত এক অনুষ্ঠানত দলটোত যোগদান কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়াজনে।
লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত এই যোগদানে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো আগন্তক লোকসভা নিৰ্বাচনত এম জি ভি কে ভানুৱে তেজপুৰ লোকসভাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চিত বিষয় হৈ পৰিছে। উল্লেখ্য যে আজি ভানুৰ কংগ্ৰেছত যোগদানৰ লগে লগে কংগ্ৰেছ দলটোক অধিক শক্তিশালী কৰিলে। ভানুৱে কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান কৰি দিয়া ভাষণত ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব বুলি সদৰী কৰে। লগতে তেওঁ ভাষণত কয় "মই তেজপুৰখন ভাল পাওঁ।
তাত মই ঘৰ সাজি থকা ব্যৱস্থা কৰিছোঁ। ভগবানে যদি আশীৰ্বাদ কৰে আগন্তক সময়ত তেজপুৰৰ উন্নয়নৰ বাবে কাম কৰিব বিচাৰো"। আনহাতে ৰাজীৱ ভৱনত অনুষ্ঠিত যোগদান সমাৰোহত অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া বীৰেন গগৈ, লক্ষী গোস্বামী, মণিমাল হাজৰিকাকে ধৰি কেইবাজনো ব্যক্তিয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
- Log in to post comments
- 49 views