প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ গুৱাহাটীত যান-বাহন আৰক্ষীৰ পথ-নিৰ্দেশনা

2

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সন্ধিয়া ৬ বজাত বিশেষ বিমানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকী  উপস্থিত হ'বহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত।প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে  গুৱাহাটী মহানগৰত ইতিমধ্যে  কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা।ইয়াৰ অন্তৰ্গত আজি গুৱাহাটী মহানগৰত যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেতবোৰ পথ- নিৰ্দেশনা।

সেই অনুযায়ী আজি আৰু শনিবাৰে ৩৭নং আৰু ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰক্ষীয়ে সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিব।উক্ত পথ দুটাত আজি দিনৰ ১২ বজাৰ পৰা গধুৰ যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰিব আৰক্ষীয়ে।সেই অনুযায়ী শনিবাৰে পুৱা ৪ বজাৰ পৰা গধুৰ যান- বাহন ৰাষ্ট্ৰীয় ঘাইপথ দুটাত চলাচল নিয়ন্ত্ৰণ কৰিব।লগতে গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথত আজি আৰু কাইলৈ বাণিজ্যিক যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে।

সেই অনুসৰি ডিজি ৰোড,এটি ৰোড,এমজি ৰোড আৰু আৰজিবি ৰোডত চলাচল কৰিব নোৱাৰিব বাণিজ্যিক বাহন। মহানগৰৰ বহুকেইটা পথ ঘোষণা কৰা হৈছে ন' পাৰ্কিং জ'ন হিচাপে।সেই অনুযায়ী বিমানবন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ থকা বাইপাছ,জালুকবাৰী ৰ'টাৰী,জালুকবাৰীৰ পৰা ভৰলুমুখলৈ ডিজি ৰোড,ভৰলুমুখৰ পৰা ৰাজভৱনলৈ এমজি ৰোড,খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিমানবন্দৰৰ পৰা খানাপাৰলৈ চাৰ্ভিছ ৰোডকো ঘোষণা কৰা হৈছে ন' পাৰ্কিং জ'ন হিচাপে।

Your Comments