মহানগৰবাসীৰ বাবে এক সুখবৰ। এতিয়াৰে পৰা প্ৰতিজন মহানগৰবাসীয়ে ঘৰতে বহি উপভোগ কৰিব পাৰিব কিছুমান অত্যাৱশ্যকীয় সেৱা সুবিধা। গুৱাহাটী মহানগৰৰ এটা আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অ'কাকা ইনফ'ক'ম প্ৰাইভেট লিমিটেডে মহানগৰবাসীক সেৱা আগবঢ়োৱা বাবে ডিজিটেল জগতখনত নতুনকৈ সংযোজন ঘটাইছে এটা বিশেষ এপ্লিকেচন(এপ)। যিটো এপ্লিকেচনৰ জৰিয়তে প্ৰতিজন মহানগৰবাসীয়ে প্ৰয়োজন অনুযায়ী উপভোগ কৰিব পাৰিব ১৫টাকৈ বিশেষ সুবিধা।
তাৰ ভিতৰত আছে ক্লিনিং, ৱেডিং এণ্ড ইভেণ্টছ, বিউটি চাৰ্ভিছ, ফটোগ্ৰাফ, ৰিপিয়াৰিং আদি। এই সকলোবোৰ সেৱা আগবঢ়োৱাৰ বাবে অসম সন্তান দিগন্ত দুৱৰাই আজিৰ পৰা ডিজিটেল জগতখনত সংযোজন ঘটাইছে 'প্লিজ কল মি' (পিচিএম) নামৰ এটা বিশেষ এপ্লিকেচন। গুগল প্লে স্ত'ৰত উপলব্ধ হোৱাকৈ সংযোজন ঘটোৱা বিশেষ এপ্লিকেচনটো আজি গুৱাহাটী প্ৰেছ ক্লাবত মহানগৰবাসীক সেৱা আগবঢ়োৱা বাবে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
এপ্লিকেচনটো উন্মোচন কৰে দিগন্ত শৰ্মা। এপ্লিকেচনটো উন্মোচন কৰাৰ পিছত অসম সন্তান দিগন্ত দুৱৰাই কয় যে যি সময়ত বিদেশৰ কোম্পানী অ'লা-উৱেৰে আহি অসমত ব্যৱসায় কৰিব পাৰিছে সেই সময়ত অসমতে থাকি আমি কিয় অসমবাসীক এই সুবিধাসমূহ আগবঢ়াব নোৱাৰিম। লগতে তেওঁ কয় বিদেশৰ সেই কোম্পানীসমূহৰ দৰে আমিও অসমবাসীক সেৱা আগবঢ়োৱা বাবে নতুনকৈ চিন্তা কৰি ডিজিটেল জগতখনত সংযোজন ঘটাইছো এই এপ্লিকেচনটো।
আনহাতে এই উন্মোচনী অনুষ্ঠানতে মহানগৰবাসীয়ে এই এপ্লিকেচনৰ সেৱা কেনেদৰে গ্ৰহণ কৰিব পাৰিব সেই সম্পৰ্কত দুৱৰাই কয় যে মহানগৰবাসীয়ে অ'লা-উৱেৰৰ সেৱা গ্ৰহণ কৰাৰ বাবে যিদৰে এটা এপ্লিকেচন(app) নিজৰ মোবাই ফোনত সংযোজন কৰে। ঠিক একেদৰে আমাৰ সুবিধাসমূহ গ্ৰহণ কৰাৰ বাবেও নিজৰ মোবাইল ফোনত "প্লিজ ক'ল মি" এপ্লিকেচনতো সংযোজন কৰিব লাগিব।
সেই সংযোজন কৰা এপ্লিকেচনটোত সোমাই গ'লে প্ৰয়োজনীয় সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। ইফালে এই উন্মোচনী অনুষ্ঠানতে দুৱৰাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে বৰ্তমান তেওঁ এই এপ্লিকেচনতো সৈতে ১০০ গৰাকী অসমীয়া নিবনুৱা যুৱক-যুৱতী জড়িত হৈছে বুলি। তেওঁ জানিবলৈ দিয়ে যে আগন্তক দিনত যোৰহাট আৰু ডিব্ৰুগড়তো এই এপ্লিকেচন মুকলি কৰা পৰিকল্পনাৰ কথা চিন্তা কৰিছে।
- Log in to post comments
- 265 views