হিমন্ত বিশ্বৰ বাজেট এখন নিৰ্বাচনমুখী বাজেট : এছ এফ আই

হিমন্ত বিশ্বৰ বাজেট এখন নিৰ্বাচনমুখী বাজেট : এছ এফ আই

বহু জল্পনা-কল্পনাৰ মাজেৰে বুধবাৰে সোণোৱাল চৰকাৰে অসম বিধানসভাত দাখিল কৰিলে ২০১৯-২০ বিত্তীয় বর্ষৰ বাবে পূৰ্ণাংগ বাজেট। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণমালাৰ শ্লোক আওৰাই বিধানসভাত দাখিল কৰা বাজেটখনক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ব্যাপক চর্চা। আজি গুৱাহাটী প্ৰেছ ক্লাবত হিমন্ত বিশ্ব শৰ্মাৰ ২০১৯-২০ বিত্তীয় বর্ষৰ বাজেটক লৈ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল সম্বোধন কৰি অসম ৰাজ্যিক সমিতিৰ সদস্য কাশ্যপ চৌধুৰীয়ে কয় যে বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিধানসভাত দাখিল কৰা বাজেটখন এখন সম্পূৰ্ণ নিৰ্বাচনমুখী।

কাৰণ বাজেটখনত কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে আন একো নাই। তেওঁ লগতে কয়- আমি যদি লক্ষ্য কৰো হিমন্ত বিশ্ব শৰ্মাই ২০১৮-১৯ বর্ষত দাখিল কৰা বাজেটখনত তেওঁ এইবাৰৰ দৰে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ ২৫ শতাংশও কাৰ্যকৰী আজিলৈকে কৰিব নোৱাৰিলে। তাৰ পাছত কেনেদৰে আমি বিশ্বাস কৰিম ২০১৯-২০ বর্ষৰ বাবে দাখিল কৰা বাজেটখন যে কাৰ্যকৰী হব। সংবাদমেলত তেওঁ উল্লেখ কৰি কয় যে যোৱা বর্ষত দাখিল কৰা বাজেটখনত হিমন্ত বিশ্ব শৰ্মাই শৈক্ষিক দিশটোৰ লগতে অন্যান্য দিশসমূহ আগবঢ়াই নিয়াৰ বাবে যিসমূহ শিক্ষা প্ৰতিষ্ঠান আৰু অন্যান্য অনুষ্ঠান স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ ২৫ শতাংশও বিগত বর্ষত ফলাফললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে।

আনকি ৭৫ শতাংশ প্ৰতিশ্ৰুতি আজিলৈকে আৰম্ভয়েই কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰে। উদাহৰণ হিচাপে তেওঁ সংবাদমেলতে কয় যে ৰাজ্যৰ ক্ৰীড়া দিশটোক আগবঢ়াই নিয়াৰ বাবে চাবুৱাত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ স্মৃতিত এখন ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা কৈছিল৷ কিন্ত আজিলৈকে সেই বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কামসমূহেই হৈ নুঠিল। ইয়াৰ উপৰি তেওঁ কয় যে সংখ্যালুঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ জলপানি দিয়াৰ বাবে ২০১৮-১৯ বর্ষত ২৫০ কোটি টকা হিমন্ত বিশ্ব শৰ্মাই বাজেটত আবণ্টন দিছিল৷ কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে সেই ঘোষণা আজি কেৱল ঘোষণায়ে হৈ থাকিল। আনকি সোণোৱাল চৰকাৰখনে আজিলৈকে নিৰ্দিষ্ট কৰিব নোৱাৰিলে এই জলপানি দিয়া প্ৰক্ৰিয়াটো কোন বিভাগে কাৰ্যকৰী  কৰিব।

আন এটা উদাহৰণ দি তেওঁ কয় যে বিগত বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে দম্ভালি মাৰি ঘোষণা কৰিছিল টিংখং, মাজুলী, হাজোত একোখনকৈ পলিটেকনিক স্থাপন কৰিব। কিন্তু সেয়াও আজিলৈকে ঘোষণাৰ বাহিৰে আন একো হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। লগতে তেওঁ কয় যে যদি চৰকাৰখনে এটা বছৰৰ বাবে বাজেটত উল্লেখ কৰা ঘোষণাসমূহ ২৫ শতাংশয়ে কাৰ্যকৰী কৰিব নোৱাৰে তাৰ পাছত নতুন বাজেটত পুনৰ নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কিবা যুক্তি আছে নেকি? ইফালে বুধবাৰে দাখিল কৰা বাজেটত খিলঞ্জীয়া মুছলমানৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিয়ে এতিয়া সংখ্যালঘুসকলৰ মাজত সংঘাত সৃষ্টি কৰিব বুলিও উল্লেখ কৰে। কাৰণ আজিলৈকে নিৰ্দিষ্ট হোৱা নাই অসমৰ কোনসকল লোকক খিলঞ্জীয়া মুছলমান বুলি ধৰা হ'ব তাৰ নিৰ্দিষ্ট সংজ্ঞা। তাৰ পাছত এনে ঘোষণাই যে মুছলমান সমাজৰ মাজত বিভাজন সৃষ্টি কৰিব সেই কথা নিশ্চিত বুলিও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। 

আনহাতে, এই সংবাদমেলতে ছাত্ৰ সংগঠনটোৱে ছেবা সন্দৰ্ভত বিস্ফোৰণ ঘটাই কয় যে অসম চৰকাৰে ইচ্ছাকৃতভাৱে ধ্বংস কৰিছে অসমীয়া জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান ছেবাক। কাৰণ সন্দৰ্ভত কয় যে ২০১১ আৰু ২০১৩ বর্ষত ছেবাক সংস্কাৰ সাধন কৰাৰ বাবে শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা নামেৰে দুখন কমিটী গঠন কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত কমিটী দুখনে ছেবাক আগবঢ়াই নিয়াৰ বাবে কেতবোৰ পৰামর্শ দিছিল শিক্ষা সংসদক। সেই অনুযায়ী সমগ্ৰ ৰাজ্যখনৰ বাবে এখন ছেবা যিহেতু যথেষ্ট নহয়, তাৰবাবে ৫খন নতুন ছেবা স্থাপন কৰিব লাগে আৰু প্ৰতিখন বাজেটত ছেবাৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ ধন ধাৰ্য কৰিব লাগে।

কিন্তু অতি পৰিতাপৰ কথা যে ছাত্ৰ সংগঠনটোৱে কৰা আৰ টি আইৰ প্ৰতিবেদনত পোহৰলৈ আহিছে যে প্ৰতিখন বাজেটত চৰকাৰে ছেবাৰ উন্নয়নৰ বাবে নিৰ্দিষ্ট পুঁজি ধাৰ্য কৰাটোতো দূৰৈৰে কথা, কমিটী দুখনে অতিৰিক্তভাৱে যি ছেবা স্থাপন কৰিবলৈ পৰামৰ্শ দিছিল সেই পৰামর্শ কাৰ্যকৰী কৰাৰ বাবে শিক্ষা সংসদক চৰকাৰে কোনো সহায় নকৰাৰ কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। ইয়াৰ উপৰি প্ৰতি বৰ্ষতে ছেবাৰ উন্নয়নৰ বাবে চৰকাৰে যি বিত্তীয় অনুদান আগবঢ়াব লাগে সেই অনুদান আজি ১৫ বছৰে আগবঢ়োৱা নাই বুলি আৰ টি আই প্ৰতিবেদনত উন্মোচিত হৈছে। লগতে ছাত্ৰ সংগঠনটোৱে কয় যে ছেবাক জীয়াই ৰখা বাবে যে চৰকাৰ সদিচ্ছা নাই সেই কথা স্পষ্টকৈ প্ৰতিফলিত হৈছে। ইফালে তেওঁলোকে আজি সংবাদমেলৰ জৰিয়তে অসম চৰকাৰ প্ৰতি দাবী জনাই কয় যে প্ৰতিখন বাজেট দাখিলৰ পূৰ্বে আগৰ বছৰৰ বাজেটৰ পৰ্যালোচনা হ'ব লাগে।

Your Comments