কথাৰ ফুলজাৰিৰ বাহিৰে বাজেটত নতুনত্ব একো নাই : তৰুণ গগৈ

কথাৰ ফুলজাৰিৰ বাহিৰে বাজেটত নতুনত্ব একো নাই : তৰুণ গগৈ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া শাসনৰ আজি তৃতীয়খন বছৰেকীয়া বাজেট অসম বিধানসভাত দাখিল কৰা হ'ল। সোণোৱাল মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১০.৩০ বজাত ধূতি-পাঞ্জাবী পৰিধান কৰি দাখিল কৰে ২০১৯-২০ বিত্তবর্ষৰ বাবে বাজেট। বাজেট দাখিল কৰাৰ পাছতে বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। বাজেটখন সন্দৰ্ভত তেওঁ কয়- আজি দাখিল হোৱা বাজেটখন সম্পূৰ্ণ এখন লোকসভাৰ নিৰ্বাচনকেন্দ্ৰিক বাজেট। বাজেটত নতুনত্ব বুলি একো নাই৷

কথাৰ ফুলজাৰিৰ বাহিৰে বাজেটত নতুনত্ব একো নাই : তৰুণ গগৈ

পূৰ্বৰ কথাবোৰকে পুনৰাবৃত্তি কৰি প্ৰস্তুত কৰা হৈছে বাজেট। হিমন্তই বাজেট দাখিলৰ পূৰ্বে শংকৰদেৱৰ শ্লোক আওৰাই দীনদয়ালকহে অনুসৰণ কৰিছে বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে হিমন্তৰ এইখন এখন কথাৰে ফুলজাৰি মৰা বাজেট৷ তাৰ বাহিৰে একো নহয় বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে তেওঁ কয় যে হিমন্তই পূৰ্বতেও দীঘলীয়াকৈ বাজেট দাখিল কৰে৷ কিন্তু বাজেটবোৰে কিমান উপকাৰ কৰিছে সেয়াহে লক্ষণীয় বিষয়।

কথাৰ ফুলজাৰিৰ বাহিৰে বাজেটত নতুনত্ব একো নাই : তৰুণ গগৈ

কাৰণ পূৰ্বতেও বহুত প্ৰতিশ্ৰুতি আছিল হিমন্তৰ বাজেটত৷ কিন্তু বাস্তৱত আজি কিমান কাৰ্যকৰী হৈছে তাক চালেই স্পষ্ট উত্তৰ পোৱা যায় বুলিও তেওঁ উল্লেখ কৰে। ইফালে তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয় যে হিমন্তই হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰিছে। এইখন বাজেটে কোনো কাম নকৰে বুলিও মন্তব্য তৰুণ গগৈ।

Your Comments