চৰকাৰী চমক সৃষ্টিৰ বাজেট : ৰকিবুল হুছেইন

চৰকাৰী চমক সৃষ্টিৰ বাজেট : ৰকিবুল হুছেইন

বহু আশা-প্ৰত্যাশাৰ মাজেৰে আজি বিধানসভাত দাখিল হ'ল সোণোৱাল চৰকাৰ পাঁচ বছৰীয়া শাসনৰ তৃতীয়খন বছেৰেকীয়া বাজেট। পুৱা ১০.৩০ বজাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে ২০১৯-২০ বিত্তীয় বর্ষৰ বাবে বাজেট। বাজেট দাখিল কৰাৰ পাছতে বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে। তেওঁ কয়- সোণোৱাল চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দাখিল কৰা বাজেটখন কেৱল মাত্ৰ চমক।

কাৰণ দাখিল কৰা বাজেটখনৰ লগত কোনো সম্পৰ্ক নাই পূৰ্বৰ বাজেটৰ। লগতে তেওঁ সোণোৱাল চৰকাৰক প্ৰশ্ন কৰে- পূৰ্বৰ বাজেটৰ প্ৰতিশ্ৰুতিসমূহ কিমান কাৰ্যকৰী হ'ল তাক ৰাজহুৱা কৰিব লাগে। তেওঁ কয়, চৰকাৰে নিৰ্বাচনৰ সময়ত যি ২৫ লাখ নিবনুৱাক সংস্থাপন দিম বুলি ঘোষণা কৰিছিল তাক কাৰ্যকৰী কৰাৰ বাবে বাজেটত কোনো প্ৰতিফলন নাই৷ ইয়াৰ উপৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে।

কথাৰ ফুলজাৰিৰ বাহিৰে বাজেটত নতুনত্ব একো নাই : তৰুণ গগৈ

ইয়াৰ উপৰি বাজেট সম্পৰ্কত তেওঁ উল্লেখ কৰি কয় যে বাজেটখনক লৈ সাধাৰণ মানুহৰ অনীহা হৈছে। বাজেটখন সম্পূৰ্ণ কৃষকবিৰোধী, ছাত্ৰবিৰোধী আৰু মহিলাবিৰোধী। এই বাজেটখন বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে অসম বিধানসভাত এইবাৰ প্ৰথমবাৰৰ বাবে দাখিল কৰা হৈছে ডিজিটেল বাজেট।

Your Comments