চৰকাৰৰ জনবিৰোধী নীতি সম্পৰ্কীয় আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিব যশৱন্ত সিন্‌হাই 

w

কেন্দ্ৰীয় চৰকাৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত উত্তাল হৈ থকাৰ সময়তে এইবাৰ গুৱাহাটীলৈ আহিব অটল বিহাৰী বাজপায়ী মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী আৰু বৰ্তমান সেই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ তীব্ৰ সমালোচক যশৱন্ত সিন্‌হা। অহা ১০ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১০.৩০ বজাত অসম নাগৰিক সমাজৰ উদ্যোগত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰিছে বৰ্তমান চৰকাৰৰ জনবিৰোধী নীতি সম্পৰ্কত এক আলোচনা-চক্ৰ। উক্ত আলোচনা-চক্ৰতে প্ৰাক্তনমন্ত্ৰীগৰাকীয়ে "দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ গতিপথ" বিষয়ত বক্তৃতা প্ৰদান কৰিব। এই কথা জানিবলৈ দিয়ে অসম নাগৰিক সমাজে। গুৱাহাটী প্ৰেছ ক্লাবত আজি সংবাদ মেল সম্বোধন কৰি অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় যে বিজেপি চৰকাৰখনে কিদৰে দেশৰ সংবিধানক অৱমাননা কৰি চৰকাৰ আৰু দলৰ মাজত পাৰ্থক্য নাইকীয়া কৰি তুলিছে৷ এইটো গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে শুভ লক্ষণ নহয়।

কাৰণ দেশৰ সংবিধানক শপত খাই দায়িত্ব লোৱা মন্ত্ৰীয়ে আজি মুকলিলৈ কোৱা আৰম্ভ কৰিছে হিন্দু-মুছলিমৰ বিভাজনৰ কথা। যিটো নেকি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত বিগত ৭০ বছৰে সংঘটিত হোৱা নাছিল। হিন্দু-মুছলিমৰ বিভাজনৰ কথা নৰেন্দ্ৰ মোডী নেতৃত্বত বিজেপি চৰকাৰখনে মুকলিকৈ আৰম্ভ কৰিছে৷ ইফালে উক্ত সংবাদ মেলতে অসম নাগৰিক সমাজৰ সদস্য প্ৰশান্ত ৰাজগুৰুৱে কয় যে নৰেন্দ্ৰ মোডীয়ে যি দিনাৰ পৰা প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’লে সেইদিনাৰ পৰায়ে ভাৰতবর্ষৰ সাংবিধানিক অনুষ্ঠানসমূহ ধ্বংস হ’বলৈ ধৰিছে বুলিও উল্লেখ কৰে।

তেওঁ কয় শাসন ভাৰ গ্ৰহণ কৰিয়েই পৰিকল্পনা আয়োগৰ নিচিনা এখন গুৰুত্বপূৰ্ণ আয়োগ ধ্বংস কৰি নীতি আয়োগ গঠন কৰিলে। কিন্তু বৰ্তমান সময়ত পৰিকল্পনা আয়োগৰ দৰে নীতি আয়োগৰ মেনদেত নাইকিয়া কৰিলে। নীতি আয়োগৰ অধ্যক্ষ কেবিনেতলৈ যাব লাগে নে নাই তাৰ নিশ্চয়তা নোহোৱা কৰিলে বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও তেওঁ কয় যে যি সময়ত কেৱল যুদ্ধৰ আশংকা কৰি প্ৰতিৰক্ষাৰ নামত অতিৰিক্তভাৱে ৰিজাৰ্ভ বেংকত পুঁজি ৰখা হয়৷ সেই পুঁজিয়ো আজি মোডী চৰকাৰে ৰাজনৈতিক স্বাৰ্থত উলিয়াই অনাৰ বাবে চেষ্টা চলালে।

চিবিআইক আজি ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে মোডী চৰকাৰে৷ গতিকে মোডী চৰকাৰ যে বৰ্তমান সময়ত সমগ্ৰ দেশৰ বাবে কিমান ভয়ংকৰ তাক স্পষ্টভাৱে আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে বুলি তেওঁ তাপয্য পূৰ্ণভাৱে উল্লেখ কৰে। সংবাদ মেলত পৰেশ মালাকাৰ, অপূৰ্ব বৰুৱাও উপস্থিত আছিল৷

Your Comments