বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চল উত্তাল হৈ থকাৰ সময়তে মঙলবাৰে অসমৰ ৭০টাকৈ জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, নেছ' আৰু বিধেয়কবিৰোধী মঞ্চই সাক্ষাৎ কৰিছিল কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীক। সভাপতিগৰাকীক সাক্ষাৎ কৰি আহ্বান জনাইছিল বিজেপি দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কথা চিন্তা নকৰাকৈ কেৱল ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত অন্যায়ভাৱে ৰাজ্যসভাৰ চলিত অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিবলৈ বিচাৰিছে।
যিহেতু ৰাজ্যসভাত বিজপি দলৰ বিধেয়কখন গৃহীত কৰাৰ বাবে সংখ্যাগৰিষ্ঠ প্ৰতিনিধি নাই, সেইবাবে বিজেপি দলক বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰয়োজন হ'ব কংগ্ৰেছ দলৰ সদস্যসকলৰ সমৰ্থন। গতিকে কংগ্ৰেছ দলে যাতে বিজেপি দলৰ এই বিধেয়কখন আইনত পৰিণত হ'বলৈ সমৰ্থন নকৰে সেই সন্দৰ্ভত সাক্ষাৎ কৰিছিল সভাপতি ৰাহুল গান্ধীক। ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছতে এতিয়া বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসে অসমৰ জাতীয় সংগঠনসমূহক তীব্ৰ সমালোচনা কৰা দেখা গৈছে।
মঙলবাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰা সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰি তেওঁ কয় যে আছু প্ৰতিনিধিয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰাটো দুৰ্ভাগ্যজনক। এজন প্ৰাক্তন আছু নেতা হিচাপে মই ব্যথিত হৈছোঁ। বিধেয়ক গৃহীত নোহোৱাকৈ আছু নেতৃত্বই কংগ্ৰেছ দলৰ সভাপতিক সাক্ষাৎ কৰাৰ বাবে মই ক্ষোভিত হৈছোঁ। কাৰণ কংগ্ৰেছ চৰকাৰৰ দিনতে ৮৫৫জনকৈ নিৰীহ ছহিদ হৈছিল। ইফালে ছহিদ পৰিয়ালে বিধেয়কৰ বিৰোধিতাৰে বিধেয়ক গৃহীত নহওঁতেই বঁটাসমূহ যিদৰে চৰকাৰক পুনৰ ঘূৰাই দিলে, ঠিক একেদৰে ছহিদ পৰিয়ালে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ বাবে ঘূৰাই দিয়ক আছুৱে দিয়া সকলোবোৰ সন্মান।
তেওঁ লগতে কয় যে এই সন্মানসমূহ ছহিদ পৰিয়ালসমূহে ঘূৰাই দিয়ক। ইফালে বিজেপি সভাপতি ৰঞ্জিত দাসে ৭০টাকৈ জাতীয় সংগঠনকো সমালোচনা কৰে। তেওঁ কয়, অখিল গগৈৰ লগত ৭০ সংগঠনৰ ৭টাহে সংগঠন আছে। লগতে তেওঁ কয়, আমছু লগত থাকিলে জাতীয় সংগঠন বুলি ক'ব নোৱাৰি। একেদৰে মঙলবাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ প্ৰসংগ উল্লেখ কৰি ন-বিজেপি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাহুল গান্ধীক আছুৱে সাক্ষাৎ কৰাটো শুভলক্ষণ নহয়।
ই এক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি তেওঁ কয় যে এই মিলন ভালৰ বাবে হোৱা নাই। লগতে কংগ্ৰেছ দলৰ চৰিত্ৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দল বতৰৰ লগত সলনি হোৱা এটা দল। কাৰণ ২০১৫ চনত ৬ ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব দিয়াৰ কথা তৰুণ গগৈয়েও সমৰ্থন কৰিছিল বুলি উল্লেখ কৰে।
- Log in to post comments
- 79 views