আজি বিশ্ব কৰ্কট দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত পালন কৰা হয় "বিশ্ব কৰ্কট দিৱস"। গুৱাহাটী মহানগৰৰ ভঙাগড়স্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ প্ৰশাসনীয় ভৱনৰ ছেমিনাৰ হলত আয়োজন কৰা হয় "বিশ্ব কৰ্কট দিৱস"। লগতে "বিশ্ব কৰ্কট দিৱস"ৰ লগত সংগতি ৰাখি এক সংবাদমেলো আয়োজন কৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বিভাষ চন্দ্ৰ গোস্বামীয়ে। সংবাদমেলত তেওঁ কয় যে প্ৰতিবছৰে অসমত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
ফলত বহু পৰিয়াল আজি এই ৰোগৰ চিকিৎসা কৰিবলৈ গৈ অৰ্থনৈতিক তথা সামাজিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। সেইবাবে আজিৰ দিনটোত আমি আটায়ে কৰ্কট ৰোগীৰ সংখ্যা কিদৰে হ্ৰাস কৰিব পাৰো সেই বিষয়ত চিন্তা কৰাৰ সময় আহি পৰিছে বুলি তেওঁ উল্লেখ কৰে। লগতে তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান অসমত কৰ্কট ৰোগৰ চিকিৎসা-সুবিধা সুলভ হৈছে। কিন্তু যিমান প্ৰয়োজন সিমান উপলবদ্ধ হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলতে তেওঁ আজি দিনটোৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে আজি আমি এই দিৱসটো উদ্যাপন কৰা মূলতে হ'ল এই বিষয়টোৰ প্ৰতি চৰকাৰক অধিক দৃষ্টিগোচৰ কৰা।
ইফালে উক্ত সংবাদমেলতে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ চিকিৎসা উপদেষ্টা (medica advisor) ডাঃ নিৰ্মল কুমাৰ হাজৰিকাই কয়- কৰ্কট ৰোগৰ প্ৰতি যিধৰণে আজি আমাৰ সমাজত সজাগতা সৃষ্টি হ'ব লাগিছিল সেই দিশত আমাৰ সমাজখন আজিও বহুত পাছপৰি আছে। সেইবাবে এইবাৰ কৰ্কট দিৱসৰ মূল উদ্দেশ্য হল " আই এম আই উইল"(I AM I WILL)। প্ৰতিজন দায়িত্বশীল মানুহে কৰ্কট ৰোগীসকলৰ লগত থিয় দিব লাগে বুলিও উল্লেখ কৰে। তেওঁলোকক সাহস দি বুজাব লাগে যে কৰ্কট মানেই মৃত্যু নহয়। ইয়াৰ উন্নত চিকিৎসা আছে।
উপযুক্ত সময়ত চিকিৎসা কৰিলে ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা যায়। লগতে তেওঁ তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰি কয় যে অসমত এতিয়া ৭০% কৰ্কট ৰোগী মৃত্যু হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ প্ৰকৃত কাৰণ পলমকৈ কৰ্কট ৰোগ ধৰা পৰাটো বুলিও জানিবলৈ দিয়ে। আনহাতে, সংবাদমেলত প্ৰতিষ্ঠানখনৰ পেলিয়েটিভ কেয়াৰ বিভাগৰ মুৰব্বী ডাঃ অৰুণ ডেকাই কৰ্কট ৰোগীক পেলিয়েটিভ কেয়াৰে কিদৰে যন্ত্ৰণামুক্ত কৰে তাৰ বিষয়ে অৱগত কৰে। তেওঁ এই সম্পৰ্কত কয় যে কৰ্কট ৰোগ চিনাক্ত হোৱাৰ প্ৰথম দিনটোৰ পৰাই পেলিয়েটিভ কেয়াৰ আৰম্ভ কৰিব লাগে।
কিন্তু অসমত আজিলৈকে এনে কৰা দেখা নাযায়। কিয়নো এই বিষয়ত মানুহ সজাগ নহয় বুলিও তেওঁ সংবাদমেলতে অৱগত কৰে। লগতে তেওঁ কয় যে বহু সময়ত দেখিবলৈ পোৱা যায় ৰোগীসকলে শেষ পৰ্যায়তহে এই চিকিৎসা গ্ৰহণ কৰে। সেই সম্পৰ্কত তেওঁ কয় পেলিয়েটিভ চিকিৎসাই ৰোগীজনক ৰোগটোৰ সৈতে যুজঁ দিবলৈ মানসিক তথা শাৰীৰিকভাৱে সাহস দিয়ে। সেইবাবে এই চিকিৎসা প্ৰথম অৱস্থাৰ পৰাই প্ৰয়োজন বুলি জানিবলৈ দিয়ে।
ইয়াৰ উপৰি এই সংবাদমেলতে তেওঁ জানিবলৈ দিয়ে যে ৮খন বিছনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনত সম্পুৰ্ণ বিনামূলীয়াকৈ পেলিয়েটিভ চিকিৎসা প্ৰদান কৰাৰ কথাও। সংবাদমেলত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পেলিয়েটিভ কেয়াৰৰ ৰাজ্যিক তত্ত্বাৱধায়ক ডাঃ সংঘমিত্ৰা বৰাৰ লগতে কে'বাগৰাকীও চিকিৎসক, নাৰ্ছ উপস্থিত থাকে। উল্লেখ্য, কৰ্কট দিৱস উপলক্ষে আজি প্ৰতিষ্ঠানখনৰ সকলো ৰোগীৰ মাজত ফলমূল আৰু লঘু আহাৰ বিতৰণ কৰা হয়।
- Log in to post comments
- 17 views