মোডীৰ অসম ভ্ৰমণ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল। সংবাদমেলত জানিবলৈ দিয়ে যে ৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। ৮ ফেব্ৰুৱাৰীত গুৱাহাটীত থাকি ৯ ফেব্ৰুৱাৰীত পুৱা চাংসাৰিত নিৰ্মাণ হ'বলগা এইমছৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব। ভূমিপূজন কৰি সম্বোধন কৰিব এক গণসমাবেশ। উক্ত গণ সমাবেশলৈ ২০ হাজাৰ মটৰচাইকেলেৰে ৰেলী কৰি আদৰি নিয়া হ'ব বুলিও জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিয়ে। সংবাদমেল সম্বোধন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক প্ৰশান্ত ফুকনে উল্লেখ কৰে যে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ সভা হ'ব এই সভাখন৷
- Log in to post comments
- 16 views