নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চল উত্তাল হৈ থকাৰ সময়তে আজি নেছ', আছুসহ ৩০ সংগঠনৰ নেতৃবৰ্গই সাক্ষাৎ কৰিব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক। ইয়াৰ উপৰি কংগ্ৰেছ দলৰ সভাপতিজনক সাক্ষাৎ কৰিব অসমৰ বৃদ্ধিজীৱী ডঃ হীৰেন গোহাঁই আৰু জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে। সাক্ষাতত সভাপতি ৰাহুল গান্ধীৰ লগত নেছ', আছুসহ ৩০ সংগঠনৰ উপৰি বৃদ্ধিজীৱীৰ দলটোৱে আলোচনা কৰিব বিজেপি চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো প্ৰকাৰে ৰাজ্যসভাত গ্ৰহণ নকৰাৰ সন্দৰ্ভত। লগতে কংগ্ৰেছৰ সভাপতিজনক নেছ', আছুসহ ৩০ সংগঠন আৰু বুদ্ধিজীৱীসকলে আহ্বান জনাব নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত বিৰোধিতা কৰাৰ বাবেও।
- Log in to post comments
- 11 views