অসমীয়া কথাছবি জগতৰ অন্যতম পুৰোধা ব্যক্তি ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্মদিন বিগত বর্ষসমূহৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস (আৰোহণ)য়ে। বিগত ২০০৫ চনৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস (আৰোহণ)য়ে আয়োজন কৰি অহা জন্ম দিৱসে এইবাৰ ১৪ বছৰত ভৰি দিব। এই কথা জানিবলৈ দিছে ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসে।
গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই কয় যে বিগত বর্ষসমূহৰ দৰে এইবাৰো ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্মদিন অহা ২০, ২১ আৰু ২২ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তেওঁ এই সংবাদমেলতে জানিবলৈ দিয়ে যে ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসে এই বর্ষৰ পৰা প্ৰতি বছৰে ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰিব। নৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰতিবছৰে প্ৰদান কৰা হ'ব।
উল্লেখ্য যে প্ৰথম বর্ষৰ বাবে এই বঁটাৰ বাবে ন্যাসে ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচিত কৰা বুলিও এই সংবাদমেলতে জানিবলৈ দিয়ে। ন্যাসে ঘোষণা কৰাৰ অনুসৰি, প্ৰথম বর্ষত এই বঁটা প্ৰদান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালক। অহা ২০ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইফালে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি বিগত বর্ষসমূহৰ দৰে এইবাৰো নাট সমাৰোহ আৰু আৰোহণত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক লৈ গীত-মাতৰ লগতে নৃত্য অনুষ্ঠানো অনুষ্ঠিত হ'ব।
২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা নাট্য সন্ধিয়া উদ্বোধন কৰিব নৰেন সোণোৱালে। ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটাত আছে ২৫,০০০ টকা, মানপত্ৰ, স্মাৰকৰ লগতে কিতাপৰ টোপোলা। এই বঁটা প্ৰদান কৰিব গল্পকাৰ তথা নাট সমালোচক অপূৰ্ব শৰ্মাই। ২২ ফেব্ৰুৱাৰীত ইনলি ফাউণ্ডেচনৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশন কৰা হ'ব "এজাক জোনাকীৰ জিলমিল"। উল্লেখ্য যে আজিৰ সংবাদমেলত উপস্থিত থাকে জ্যেষ্ঠ অভিনেত্ৰী মলয়া গোস্বামী, ইন্দ্ৰজিত দাস প্ৰমুখ্যে বহুকেইজন সন্মানীয় ব্যক্তি।
- Log in to post comments
- 28 views