জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি দেশজুৰি বাঁও গণতান্ত্ৰিক দল চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী। চিপিআই (এম) দলৰ কেন্দ্ৰীয় কমিটীৰ এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই অসম ৰাজ্যিক চিপিআই (এম) দলেও গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

মহানগৰীৰৰ গুৱাহাটী ক্লাবৰ পৰা গুৱাহাটী ৰিজাৰ্ভ বেংকলৈকে গ্ৰহণ কৰা হয় বিধেয়কৰ বিৰূদ্ধে প্ৰতিবাদী কাৰ্যসূচী। কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিপিআই (এম) দলৰ ৰাজ্যিক সমিতিৰ সম্পাদক দেৱেন ভট্টাচাৰ্য, চিপিআই (এম) দলৰ প্ৰাক্তন সাংসদ উদ্ধৱ ভৰালী প্ৰমুখ্যে দলটোৰ ভালেসংখ্যক নেতা-কর্মী।

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

তেওঁলোকৰ দাবী, ভাৰতীয় সংবিধানবিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি যি ভাৰতীয় সংবিধান সলনি কৰা কৌশল ৰচনা কৰিছে এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দুই শতাধিক চিপিআই (এম) কর্মীয়ে অংশগ্ৰহণ কৰে।

Your Comments