হিমন্ত বিশ্বৰ পুনৰ বিস্ফোৰণ : নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

হিমন্ত বিশ্বৰ পুনৰ বিস্ফোৰণ : নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদৰ পাছতো নাচোৰ বান্দা জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ। তাকেই পুনৰবাৰ প্ৰমাণ কৰি সৰুসজাইত অনুষ্ঠিত এন এইচ এমৰ সমাৰোহত ঘোষণা বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহুবল্কী মন্ত্ৰীগৰাকীয়ে অসমীয়া জাতিৰ স্থিতিৰ বিপৰীতে গৈ পুনৰবাৰ ঘোষণা কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি।

লগতে এই সমাৰোহতে প্ৰতাপী মন্ত্ৰীগৰাকীয়ে বিস্ফোৰণ ঘটাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে ইতিমধ্যে অসম চৰকাৰে মুখ্য মন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত ক'ৰ কমিটীৰ বৈঠকত সিদ্ধান্ত লোৱা বুলিও জানিবলৈ দিয়ে। অসমৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতা অটুট ৰখাৰ বাবে এই বিধেয়ক গৃহীত কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।

হিমন্ত বিশ্বৰ পুনৰ বিস্ফোৰণ : নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

 ইফালে এই সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষক নেতা অখিল গগৈক তীব্ৰ কটাক্ষ কৰে। তেওঁ কয়- অখিল গগৈয়ে "অসমক ভাৰতৰ পৰা পৃথক কৰিব লাগে বুলি কয়৷ কিন্তু তাৰ পাছতো তেওঁ দিল্লীলৈ কিয় যায়। তেওঁ চীনলৈহে যাব লাগে বুলি উল্লেখ কৰে। ইফালে এই সমাৰোহত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশাকর্মীসকলক উদেশ্য কৰি কয় যে আমাৰ চৰকাৰে আশাকর্মীসকলৰ ভাট্টা ইতিমধ্যে বৃদ্ধি কৰিছে। গৰ্ভৱতী মহিলাসকলক আশাকর্মীসকলে সেৱা আগবঢ়োৱাৰ বাবে পূৰ্বতে ১০০০ টকাকৈ দিয়া হৈছিল। কিন্তু এতিয়াৰে পৰা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে মিলি ৩,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে বুলি ঘোষণা কৰে। 

ইফালে এই সমাৰোহতে আশা ফেচিলিটেটৰসকলে পূৰ্বতে লাভ কৰা ৫,৫০০ টকা ভাট্টা এতিয়াৰে পৰা ৭,৫০০ টকাকৈ লাভ কৰিব বুলিও ঘোষণা কৰে। লগতে পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ হ'লে চৰকাৰক ৫ লাখ টকাকৈ সাহায্য দিব বুলি ঘোষণা কৰে।

Your Comments