শংকৰ সংঘৰ অধিবেশনলৈ নাহে প্ৰধান মন্ত্ৰী : হিমন্ত বিশ্ব শৰ্মা

শংকৰ সংঘৰ অধিৱেশনলৈ নাহে প্ৰধান মন্ত্ৰী : হিমন্ত বিশ্ব শৰ্মা

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী অহা-নহাক লৈ চৰ্চা হৈ থকাৰ মাজতে আজি স্পষ্ট  হ'ল সকলো কথা। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শংকৰ সংঘৰ মৰিগাঁও অধিৱেশনত অংশগ্ৰহণ নকৰে বুলি জানিবলৈ দিয়ে। সৰুসজাইত এন এইচ এমৰ এক অনুষ্ঠানত ডঃ শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উক্ত অধিৱেশনত অংশগ্ৰহণ নকৰে বুলি জনায়। ইয়াৰ পৰিৱৰ্তে অহা ৯ ফেব্ৰুৱাৰীত অসমলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

৯ ফেব্ৰুৱাৰীত প্ৰধান মন্ত্ৰীয়ে চাংসাৰিৰ এইমছৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পিছত উক্ত স্থানতে এক জনসভা সম্বোধন কৰিব। পৰৱৰ্তী পৰ্যায়ত ২,১৮৭ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগা গুৱাহাটী-উত্তৰ গুৱাহাটী চাৰিলেনযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধান মন্ত্ৰী মোডীয়ে।

ইয়াৰ পিছত প্ৰধান মন্ত্ৰী মোডী যাব গহপুৰলৈ। গহপুৰৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে সেই দিনাই উৰা মাৰিব ত্ৰিপুৰালৈ। ত্ৰিপুৰাত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্ধিয়ালৈ উভতিব দিল্লীলৈ। প্ৰধান মন্ত্ৰীৰ ভ্ৰমণসূচীৰ বিষয়ে এনেদৰে জানিবলৈ দিয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Your Comments