দিল্লীৰ অসম ভৱনৰ চৌহদত সংবাদমেল সম্বোধন কৰাটোৱে অপৰাধ হ'ল অখিল গগৈৰ। যাৰবাবে উলিয়াই দিলে দিল্লীৰ অসম ভৱনৰ পৰা৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যক সাক্ষাৎ কৰিবলৈ যোৱা কৃষক নেতা অখিল গগৈয়ে যোৱা দুদিন ধৰি দিল্লীৰ অসম ভৱনৰ ১১১ নম্বৰ কোঠাত আছিল। কিন্তু আজি অসম ভৱনৰ কৰ্তৃপক্ষই অখিল গগৈক অসম ভৱনৰ পৰা উলিয়াই দিয়ে।
কাৰণ দিনৰ ভাগত কৃষক নেতাজনে দিল্লীৰ অসম ভৱনৰ পৰিসৰৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰিছিল। উক্ত সংবাদমেলত কৃষক নেতাগৰাকীয়ে প্ৰধান মন্ত্ৰী অসমলৈ গ'লে ক'লা পতাকা লৈ তীব্ৰ প্ৰতিবাদ কৰা হ'ব বুলি উল্লেখ কৰিছিল। ইফালে মুখ্য মন্ত্ৰী কাৰ্যালয়ৰ আয়ুক্ত সচিব তথা অসম ভৱনৰ প্ৰধান আবাসিক আয়ুক্ত সঞ্জয় লোহিয়াৰ নিৰ্দেশত উলিয়াই দিয়া হ'ল বুলি জানিবলৈ দিছে অসম ভৱনৰ সূত্ৰই।
- Log in to post comments
- 70 views