অসমীয়া চলচ্চিত্ৰ জগতলৈ স্বৰ্ণকমল কঢ়িয়াই অনা স্বনামধন্য প্ৰযোজক প্ৰয়াত শৈলধৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰদান কৰিবলৈ লৈছে তৃতীয় শৈলধৰ বৰুৱা চলচ্চিত্ৰৰ বঁটা। অহা ১০ জানুৱাৰীত প্ৰয়াত প্ৰযোজকগৰাকীৰ স্মৃতিত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শৈলধৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে প্ৰদান কৰিব বঁটাসমূহ। ৮টা শাখাত প্ৰদান কৰা হ'ব প্ৰয়াত প্ৰযোজকগৰাকীৰ স্মৃতিত বঁটাসমূহ।
সেই হিচাপে এইবর্ষত শ্রেষ্ঠ কথাছবি শাখাত বঁটা লাভ কৰিছে উৎপল বৰপূজাৰী পৰিচালিত 'ইছ্যু'। একেদৰে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে অৰূপ মান্নান। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা বাবে নিৰ্বাচিত হৈছে তৰালী শৰ্মা, শ্ৰেষ্ঠ চিনমেটোগ্ৰাফী ছুমন দুৱৰা আৰু প্ৰদীপ দৈমাৰী, শ্ৰেষ্ঠ শব্দযন্ত্ৰী শিতানত বিজয় নাথ, শ্রেষ্ঠ এডিটিং প্ৰতীম খাউণ্ড, শ্ৰেষ্ঠ অভিনেতাৰ পুৰুষ সুৰেণ মহন্ত, শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত চন্দনা শৰ্মাই লাভ কৰিছে এইবর্ষৰ বঁটাসমূহ।
এই কথা আজি সংবাদমেল পাতি জানিবলৈ দিয়ে শৈলধৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে। উল্লেখ যোগ্য যে শ্রেষ্ঠ ছবি শিতানৰ বঁটাত আছে ৫০ হাজাৰ টকা, এখন মানপত্ৰ লগতে ট্ৰফী। একেদৰে শ্ৰেষ্ঠ পৰিচালক বঁটাত আছে ২৫ হাজাৰ টকা, ট্ৰফী, মানপত্ৰ আৰু সেইদৰে শ্ৰেষ্ঠ শব্দযন্ত্ৰী শিতানৰ লগতে বাকী সকলো কেইটা শিতানত আছে ২০ হাজাৰ টকা, ট্ৰফী, মানপত্ৰ।
ইয়াৰ উপৰিও জুৰি মেম্বাৰৰ ফালৰ পৰা দুটা বিশেষ বঁটা প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে ন্যাস সমিতিয়ে। উল্লেখ যোগ্য যে এইবর্ষৰ মুঠ ৮খনকৈ অসমীয়া চলচ্চিত্ৰই এই বঁটা বাবে মনোনয়ন দাখিল কৰিছিল বুলি জানিবলৈ দিয়ে ট্ৰাষ্টৰ সভাপতি মৃণ্ময় বৰুৱা, সম্পাদক ৰঞ্জিত দাস আৰু ন্যাসৰ সদস্য মমোৰম গগৈয়ে।
- Log in to post comments
- 18 views