অহা ১২ জানুৱাৰী পৰা ৪ মাৰ্চলৈকে "সংস্কাৰ ভাৰতী পূর্বোত্তৰ"ৰ উদ্যোগত এলাহাবাদৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব মহা কুম্ভমেলা । ২০১৭ চনত ইউনেস্ক'ৱে বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিয়া এই মহা কুম্ভমেলাত এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৮ ৰাজ্যই অংশগ্ৰহণ কৰিব ।
১২ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগা এই মহা কুম্ভমেলাত "অপনা পূৰ্বোত্তৰ" নামেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৪০ দিনীয়াকৈ এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইয়াৰ নাম ৰখা হৈছে 'সংস্কৃতি কুম্ভ' ৷
উক্ত সাস্কৃতিক অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যই অংশগ্ৰহণ কৰিব । অংশগ্ৰহণকাৰী প্ৰতিখন ৰাজ্যই বিশ্বৰ আগত দাঙি ধৰিব নিজৰ নিজৰ সংস্কৃতি ।
উল্লেখ্য যে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লোকনৃত্য, গীত, লোকনাট্য, সাংস্কৃতিক শোভাযাত্ৰা, বীৰ-বীৰাংগনা, মহাপুৰুষৰ ভাস্কৰ্য, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জীৱন-শৈলীৰ ৰূপৰেখা, খাদ্য- বস্ত্ৰ, পৰম্পৰাগত মুখা শিল্প, থলুৱা বাদ্যযন্ত্ৰ আদি প্ৰদৰ্শিত কৰা হ'ব ।
উল্লেখ্য যে এই ৪০দিনীয়াকৈ প্ৰদৰ্শিত হ'বলগা সাংস্কৃতিক অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই ৪ দিনকৈ এককভাৱে প্ৰদৰ্শন কৰিব নিজৰ নিজৰ পৰম্পৰাগত সংস্কৃতি ।
সেই হিচাপে ১৪ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অৰুণাচলে, ১৭ জানুৱাৰী পৰা ২০ জানুৱাৰীলৈ চিকিম, ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ নাগালেণ্ড, ২৩ জানুৱাৰী পৰা ২৬ জানুৱাৰীলৈ মিজোৰাম, ২৬ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ মেঘালয়,
২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ মণিপুৰ, ১ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অসম, ৬ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ত্ৰিপুৰাই প্ৰদৰ্শন কৰিব নিজৰ নিজৰ সাংস্কৃতিক অনুষ্ঠান ।
ইয়াৰ উপৰি ১০ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰী মাঘী পূৰ্ণিমাদিনালৈকে উত্তৰ-পূবৰ ৮ ৰাজ্যই প্ৰদৰ্শন কৰিব নিজৰ নিজৰ সাংষ্কৃতিক অনুষ্ঠান । উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ ২০০তকৈ অধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব এই কুম্ভমেলাত ।
এই কথা জানিবলৈ দিয়ে 'অপনা পূৰ্বোত্তৰ'ৰ সমন্বয়ক দয়ালকৃষ্ণ নাথে । অহা ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগা এই মহা কুম্ভমেলাত প্ৰথমটো উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক দল অহা ১০ জানুৱাৰীত উপস্থিত হ'বগৈ বুলিও তেখেতে জানিবলৈ দিয়ে ।
এই সংবাদ মেলতে কেন্দ্ৰীয় সংস্কাৰ ভাৰতীৰ সাধাৰণ সম্পাদক অমিৰ চন্দে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই মহা কুম্ভমেলাত তিনি একৰ ভূমি সূকীয়াকৈ ধাৰ্য কৰা হৈছে ।
- Log in to post comments
- 24 views