নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন আৰু ডিজাইন কাউন্সিলৰ উদ্যোগত অহা ১৫ আৰু ১৬ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ইষ্ট-ইণ্ডিয়া ফেশ্বন সপ্তাহৰ সিজন-২ । মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত হ'ব লগা এই ফেশ্বন সপ্তাহত অংশগ্ৰহণ কৰিব অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ফেশ্বন ডিজাইনাৰসকলে । ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ চুৰাট, দিল্লী, বেঙ্গালুৰুৰ ফেশ্বন ডিজাইনাৰ উপস্থিত থাকিব এই কাৰ্যসূচীত । আজি এই কথা জানিবলৈ দিয়ে নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন এণ্ড ডিজাইন কাউন্সিলৰ প্ৰতিষ্ঠাপক মেঘা শইকীয়াই ।
- Log in to post comments
- 9 views