'অসম আৰোগ্য নিধি'লৈ শিল্পী মানস ৰবীনৰ ১ লাখ টকা:'জোনবাই' ভিচিডি এইবাৰ চিনেমা কৰিব

Pic

মহামাৰী ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ যুুঁজৰ বাবে 'অসম আৰোগ্য নিধি'লৈ শিল্পী মানস ৰবীনে আগবঢ়ালে এক লাখ টকা।এই কথা প্ৰকাশ কৰিলে শিল্পীগৰাকীয়ে।'আমি কঠিন সময়ৰ মাজেৰে গৈ আছোঁ।কিন্তু এই সময়ছোৱাত ভাল লাগিছে-ৰাইজ ৰাইজৰ কাষত থিয় দিছে,ই শুভ লক্ষণ।সামাজিক মাধ্যমত ৰাইজে-ৰাইজক সহায় কৰা ফটোবোৰ পাই অনুপ্ৰাণিত হৈছোঁ।'শিল্পী মানসে কয়।

'অসমলৈ ক'ৰনা নাহিব বুলি ভাবিছিলোঁ কিন্তু আহিল।এই জটিল সময়ছোৱাত আমাৰ বাবে কৰ্মৰত সকলো চিকিৎসাকর্মী, আৰক্ষী- প্ৰশাসন,সংবাদকর্মীক কৃতজ্ঞতা প্ৰকাশ    কৰিছোঁ'-শিল্পীগৰাকীয়ে কয়।তেওঁ লগতে কয়-"আজি নিজৰে,আমাৰ শিল্পীসকলৰ অৱস্থা বৰ ভাল নহয়।চিত্ৰগ্ৰহণ বন্ধ হৈ আছে।নতুন বছৰ উদযাপন কৰা বিভিন্ন অনুষ্ঠান বাতিল হ'ল, মাঘবিহু নহ'ল আৰু এতিয়া বহাগ বিহু নহ'ব।ৰাজ্য চৰকাৰক কঠিন সময়ছোৱা মোকাবিলাৰ বাবে যিমান টকাৰ প্ৰয়োজন,তাৰ তুলনাত মই দিয়া অনুদান তেনেই নগণ্য।কিন্তু ৰাইজ আগবাঢ়ি আহিছে। আমি আশাবাদী এই বিপদৰ সময়ত সকলোৱে হাতে-হাত ধৰি দুর্যোগৰ সময়খিনি পাৰ হ'ব পাৰিম।"

দীৰ্ঘদিন লকডাউনৰ বাবে ৰাইজ নিৰাশ হৈছে, হতাশাৰ ভাব আহিছে-সেয়া স্বাভাৱিক বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে ৰাইজক আহ্বান জনায় কয়-'সূৰ্যাস্তৰ পিছতে সূৰ্যোদয় হয়।বেয়া দিনৰ পিছত আকৌ ভাল দিন আহিব।ঘৰৰ ভিতৰতে নিজকে বিভিন্ন ধৰণৰ কামৰ মাজত ব্যস্ত ৰাখক।"

ইফালে গুৰুত্বপূৰ্ণ যে লকডাউনৰ মাজতে শিল্পীগৰাকীয়ে ঘোষণা কৰিছে পূৰ্বতে অসমৰ ৰাইজৰ সমাদৃত 'জোনবাই' ভিচিডিখন        চিনেমাৰ ৰূপত নিৰ্মাণ কৰিব।শিল্পী মানসে ঘৰতে থাকি 'জোনবাই' ছবিখনৰ চিত্ৰনাট্য লিখাৰ কাম বৃহস্পতিবাৰৰ পৰাই আৰম্ভ কৰিব।

Your Comments