গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মহানগৰীত সংবিধানৰ প্ৰস্তাৱনা পাঠ

Pic

অসম নাগৰিক সমাজ আৰু ছাত্ৰ সমাজৰ উদ্যোগত ৭১সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত সংবিধানৰ প্ৰস্তাৱনাৰ পাঠ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।কটন বিশ্ববিদ্যালয় সমীপৰ লক্ষ্মীনাথ বেজবৰুৱা পথত দেওবাৰে অনুুষ্ঠিত কৰা হয় এই কাৰ্যসূচীৰ।ছাত্ৰ সমাজ আৰু উপস্থিত  বিশিষ্ট ব্যক্তি দেৱব্ৰত বৰুৱাই পাঠ কৰাই সংবিধানৰ প্ৰস্তাৱনাৰ।উল্লেখ্য যে প্ৰস্তাৱনা পাঠ কৰাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত জনতাই পৰিৱেশন কৰে অসমৰ জাতীয় সংগীত 'অ মোৰ আপোন দেশ'।ইয়াৰ পিছতে কাৰ্যসূচীৰ সামৰণিত পৰিৱেশন কৰা হয় দেশৰ ৰাষ্ট্ৰীয় সংগীত।

শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, শিক্ষাবিদ অপূৰ্ব বৰুৱা, লেখক-সাহিত্যক ময়ূৰ বৰা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি।

ইয়াৰ উপৰিও ছাত্ৰ সমাজৰ হৈ উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈ,প্ৰাক্তন সম্পাদক প্ৰাঞ্জল কলিতা প্ৰমুখ্যে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী।

Your Comments