শিল্পী অজয় ফুকনৰ বিৰুদ্ধে ক্ষোভ জুবিন গাৰ্গৰ।সামাজিক মাধ্যম ফেচবুকত শিল্পী জুবিনে অজয় ফুকনৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। উল্লেখ যে অজয়ে শেহতীয়াভাৱে শিল্পী সমাজৰ নাম লৈ কৰি অহা কৰ্মকাণ্ডত অস্বস্তিত পৰি শিল্পী জুবিন গাৰ্গে ৰাইজক আহ্বান জনায় কয় যে অজয় ফুকনক বৰ্জন কৰক।
জুবিনে লিখিছে-'এয়া এক বিশেষ ঘোষণা, শ্ৰীমান অজয় ফুকনক লৈ মোৰ কিছু সমস্যা হৈছে।তেওঁ আয়োজন কৰা কোনো অনুষ্ঠানলৈ অনুগ্ৰহ কৰি নাহিব।অসমৰ শিল্পী সমাজ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত।মই সদৌ অসম ছাত্ৰ সন্থা তথা অন্যান্য সংগঠন আৰু জ্যেষ্ঠ শিল্পীৰ সৈতে সকলো বিৱৰি ক'বলৈ ইয়াত আহিছোঁ।অসমৰ শিল্পী সন্থা এটা একত্ৰিত গোট।ইয়াৰ কোনো ৰাজনীতি নাই।যদি কোনোবাই ৰাজনীতি কৰিবলৈ বিচাৰে,মই তেওঁক ঠেকেচি পেলাম। অজয় ফুকন এতিয়াৰ পৰা জুবিন গাৰ্গ ফেন ক্লাবৰ সৈতে জড়িত নহয়"।
উল্লেখযোগ্য যে শিল্পী জুবিনৰ এই বিশেষ পোষ্টতো ফেচবুকত ৰাজহুৱা হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।শিল্পী জুবিনৰ এই পদক্ষেপক আদৰণি জনাইছে বহুজনে।
- Log in to post comments
- 71 views