সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগে আগন্তক ছয়মাহৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগত ঘোষণা কৰিছে বহুকেইটা নতুন পদক্ষেপৰ কথা।শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছ্পুৰত সংবাদ মেল সম্বোধন শিক্ষা বিভাগৰ বহুকেইটা নতুন ঘোষণা ৰাজহুৱা কৰিছে।সেই অনুসৰি ৪৪৯কোটি টকা ব্যয় কৰি প্ৰথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক পূৰ্বৰ ১৫০টকাৰ ইউনিফৰ্মৰ পৰিৱৰ্তে ৩০০টকাকৈ ব্যয় কৰি দুযোৰ ইউনিফৰ্ম যোগান ধৰিব।তাৰ সম্পূৰ্ণ দায়িত্ব বিদ্যালয় পৰিচালনা সমিতিক অৰ্পণ কৰিব।
ৰাজ্যৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ পৰা প্ৰথমবাৰলৈ নৱম-দশম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এযোৰত ৩৫০টকা ব্যয় কৰি দুযোৰ ইউনিফৰ্ম যোগান ধৰিব। তাৰ দায়িত্ব বিদ্যালয় পৰিচালনা সমিতিক অৰ্পণ কৰিব।এই কাম অহা মাৰ্চ মাহৰ আগতে সম্পূৰ্ণ কৰিব। "প্ৰাথমিক শিক্ষা বিভাগত এপ্ৰিল-মে' মাহৰ ভিতৰত ১৫,০০০ হাজাৰ স্থায়ী নিযুক্তি।তাৰে প্ৰথম পৰ্যায়ত ৯৬৩৫টা পদৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন"-মন্ত্ৰীগৰাকীয়ে কয়। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা মাধ্যমিক টেটৰ ফলাফল ফেব্ৰুৱাৰী মাহৰ ভিতৰত ঘোষণা কৰি এপ্ৰিল মাহৰ ভিতৰত ৬০০০স্থায়ী শিক্ষক নিযুক্তি দিব।এই সংখ্যা ৮০০০হাজাৰ হবগৈ পাৰে বুলি মন্ত্ৰী শৰ্মাই কয়।
অহা পোন্ধৰ আগষ্টৰ ভিতৰত ৰাজ্যত প্ৰায় ৪৯৯৩খন প্ৰাথমিক-মধ্য-ইংৰাজী বিদ্যালয় প্ৰাদেশিকীকৰণ।ফলত ১৩,৩৬২জন কৰ্মৰত শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ হব। ৬৬২খন হাইস্কুল প্ৰাদেশিকীকৰণ।তাত জড়িত হৈ আছে ৪৮২৮জন শিক্ষক।৩০খন নতুন কলেজ প্ৰাদেশিকীকৰণ।তাত জড়িত হৈ আছে ৯০০জন অধ্যাপক।ইয়াৰ উপৰিও পূৰ্বতে প্ৰাদেশিককৰণ কৰা ১৩৪খন কলেজত সেই সময়ত যোগ্যতা নথকাৰ বাবে প্ৰাদেশিকীকৰণ নোহোৱা ৭৬৮জন অধ্যাপকৰ চাকৰি ইউজিচিৰ অধীনত আনিব অহা ৩০-৪৫দিনৰ ভিতৰত।এই কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।আনহাতে,বৰ্তমান কলেজ সমূহত খালি হৈ থকা ৬০০পদ অহা চাৰি-পাঁচ মাহৰ ভিতৰত পূৰণ কৰা হব।তাৰ বাবে শিক্ষা বিভাগে বিজ্ঞাপন দিয়াৰ বাবে সংশ্লিষ্ট কলেজক দায়িত্ব দিব।
'অহা বাজেটত ৰাজ্যত কৰ্মৰত ঠিকাভিত্তিক ৫৮০০জন হাইস্কুল শিক্ষক, ১১,০০০জন সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ষ্টেপুল শিক্ষক আৰু ৩২,০০০সৰ্বশিক্ষা অধীনত কৰ্মৰত টেট শিক্ষকৰ বাবে থাকিব বিশেষ ঘোষণা।যাৰ পৰা তেওঁলোকৰ দৰমহা স্থায়ী শিক্ষকৰ সমান হ'ব।লাভ কৰিব ৬০ বছৰলৈ চাকৰিৰ নিশ্চয়তা,মেডিকেল ফাণ্ড।'এই কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী শৰ্মাই।
ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৯৬২কোটি টকা পৰিচালনা সমিতিক দিয়া হ'ব। জিলা উপায়ুক্তৰ নিৰীক্ষণত কাম হ'ব। একেদৰে,১২হাজাৰ অস্থায়ী শিক্ষকৰ বাবে বাজেটে আনিব ভাল খবৰ।কম্পিউটাৰ শিক্ষকৰ মান উন্নত হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী শর্মাই।
- Log in to post comments
- 68 views