ৰহস্যৰ মাজত কটনত উদ্ধাৰ হোৱা সূৰ্য মূৰ্তি:কৰ্তৃপক্ষই খোলা নাই মুখ, কি কয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে?

Pic

কটন বিশ্ববিদ্যালয়ৰ নিৰ্মীয়মান প্ৰশাসনিক ভৱনৰ মাটি খান্দোতে পুৰণি মূৰ্তি উদ্ধাৰ হৈছে।উদ্ধাৰ হোৱা মূৰ্তিটো সূৰ্য মূৰ্তি বুলি নিশ্চিত কৰাৰ লগতে ১১-১২শ শতিকাৰ বুলি উল্লেখ কৰিছে প্ৰত্নতত্ব বিভাগে।উল্লেখ যে যোৱা ২২ জানুৱাৰীত উদ্ধাৰ হোৱা মূৰ্তিটো বৰ্তমান উপাচাৰ্যৰ কোঠাত ৰখা হৈছে।কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা মূৰ্তিটো সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই।তাৰ মাজতে পুৱাৰ খবৰ অনুসৰি উদ্ধাৰ হোৱা মূৰ্তিটো অধিক মূল্যৱান হ'ব বুলি অনুমান কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।উদ্ধাৰ হোৱা মূৰ্তিটোৰ ওজন ৬০-৭০কেজি হ'ব বুলি প্ৰত্যক্ষদর্শী দাবী। আনহাতে,উদ্ধাৰ হোৱা মূৰ্তিটো সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই পৰ্যন্ত মুখ নোখোলাত ঘটনাৰ সবিশেষ জনাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈৰ সৈতে যোগাযোগ কৰা হৈছিল।কিন্তু সাধাৰণ সম্পাদক বৰদলৈয়ে বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা মূৰ্তিটো সন্দৰ্ভত বিশেষ তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।লগতে তেওঁ তাৎপৰ্যপূৰ্ণভাৱে জানিবলৈ দিয়ে যে কি মূৰ্তি উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হোৱা মূৰ্তিটো বৰ্তমান সময়ত ক'ত ৰখা হৈছে সেই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় বুলি।

Your Comments