বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত 'কা'ৰ স্থগিতাদেশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানী:কটনত দিনজোৰা গণ অনশন

Pic
জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' স্থগিতাদেশৰ সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি।দেশৰ মুখ্য ন্যায়াধীশেৰে গঠিত সাংবিধানিক বিচাৰপীঠত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশজুৰি কাৰ্যকৰী কৰা 'কা'ৰ স্থগিতাদেশৰ সন্দৰ্ভত গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ শুনানী।উল্লেখ্য যে অসমৰ লগতে দেশবাসীৰ প্ৰৱল প্ৰতিবাদৰ মাজতে বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া আইনখনৰ বিৰুদ্ধে বুধবাৰে উচ্চতম ন্যায়ালয়ে মুঠ ৫৯খন পিআইএল আবেদনৰ ওপৰত শুনানী গ্ৰহণ কৰিব।তাৰ ভিতৰত আছে অসমৰ প্ৰায় কুৰিখনৰো অধিক পিআইএল। আনহাতে,শুনানীৰ দিনটোতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে গ্ৰহণ কৰিব গণ অনশন কাৰ্যসূচী।কটনৰ চৌহদত পুৱা ১০বজাৰ পৰা অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ হোৱা সময়ৰ পৰা কাম-কাজ বন্ধ হোৱা সময়লৈকে আবেলি ৫ বজালৈ গণ অনশন পালন কৰিব কটনিয়ানে।এই কথা জানিবলৈ দিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে। গুৰুত্বপূৰ্ণ কথা এই যে বুধবাৰৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক শুনানীলৈ ৰাজ্যবাসীৰ লগতে দেশবাসীৰ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।সকলোৰে আশা ভাৰতীয় সংবিধানক আঘাত কৰা আইনখনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ সন্দৰ্ভত শুনানী গ্ৰহণ কৰিব।উল্লেখ্য যে কেৱল অসমতে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শ্বহীদ হৈছে ৬ জনকৈ ব্যক্তি।

Your Comments