সোণোৱাল মন্ত্ৰীসভাত নতুন মন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব যোগেন মহন,সঞ্জয় কিষাণে

Pic

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে সোণোৱাল মন্ত্ৰীসভাত নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দুজন নতুন মন্ত্ৰীয়ে।মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে সোণোৱাল মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী হিচাপে পুৱা ৯ বজাত ৰাজভৱনত শপত ল'ব।দুয়োগৰাকী বিজেপি বিধায়কক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই বিষয়ে আনুষ্ঠানিকভাৱে ইতিমধ্যে অৱগত কৰা হৈছে।

Pic

উল্লেখযোগ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পিছত সোণোৱাল মন্ত্ৰীসভাৰ দুগৰাকী মন্ত্ৰী ক্ৰমে শক্তিমন্ত্ৰী তপন গগৈ আৰু শ্ৰম,নিয়োগ আৰু চাহ জনজাতীয় কল্যাণ দপ্তৰৰ মন্ত্ৰী পল্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱা পিছত খালী হৈ পৰিছিল গুৰুত্বপূৰ্ণ বিভাগকেইটা।সেই বিভাগকেইটাৰ বাবে দুয়োগৰাকীৰ বিধায়কে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

Your Comments