কেন্দ্ৰীয় চৰকাৰে অসমৰ জনতাৰ প্ৰতিবাদী কণ্ঠক গুৰুত্বহীন কৰি নাগৰিকত্ব সংশোধনী আইন দেশজুৰি কাৰ্যকৰী কৰাৰ পিছতে পুনৰ জাঙুৰ খাই উঠিছে প্ৰতিবাদী জনতাৰ লগতে অসমৰ দল-সংগঠনসমূহ।বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰী সিদ্ধান্তক সমালোচনা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়- 'অসমৰ জাতীয় জীৱনৰ বাবে চৰম দুৰ্ভাগ্যজনক।চৰকাৰে অসমৰ মানুহক চৰম প্ৰতাৰণা কৰিছে।আমাৰ প্ৰতিবাদী ভাষা-কণ্ঠ বুজিবলৈ চেষ্টা নকৰিলে।' 'মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰা দেখি ভাবিছিলোঁ জনতা আশ্বস্ত হোৱা কোনো বাৰ্তা প্ৰেৰণ কৰিব।কিন্তু সেই সভাখনত আইনখন কাৰ্যকৰী কৰিবৰ বাবেহে মোডী আৰু শ্বাহক গ্ৰীণ ছিগনেল দি আহিলে'-চাংমাই কয়। 'ৰাইজ ক্ষোভত ফাটি পৰিছে।ক্ষোভৰ জুই উদ্গিৰণ হৈছে।অসম জনতাৰ এতিয়া ৰাজপথৰ আন্দোলনৰ বাহিৰে গত্যন্তৰ নাই।ৰাজপথত আমি যিমান আন্দোলন কৰিছিলোঁ,তাতকৈ এতিয়া কঠোৰ হ'ব লাগিব'-চাংমাই উল্লেখ কৰে। "মাঘবিহুৰ পূৰ্বে 'কা' কাৰ্যকৰী কৰি অসমৰ মানুহৰ অগ্নিপৰীক্ষা কৰিবলৈ বিচাৰিছে নেকি!আমি কিন্তু বিচৰা নাই অসম আকৌ জ্বলি যাওক।কিন্তু কিয় বাৰে বাৰে লোৱা হৈছে অগ্নিপৰীক্ষা"- চাংমাই চৰকাৰক প্ৰশ্ন কৰি কয়।
- Log in to post comments
- 18 views