জাতিধ্বংসী 'কা'ৰ বিৰুদ্ধে আৰু ৰান্ধনী-সহায়িকাৰ চাকৰি নিয়মীয়া কৰাৰ দাবীৰে সন্থাৰ মুণ্ডন কৰি প্ৰতিবাদ:ফেব্ৰুৱাৰীত দিল্লীত উলংগ হোৱাৰো হুংকাৰ

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ৰাজ্যৰ ১লাখ ১৭হাজাৰ ৰান্ধনী-সহায়িকা চাকৰিৰ নিয়মীয়াকৰণৰ লগতে দৰমহা ৯৬০০ টকাকৈ বৃদ্ধিৰ দাবীৰে মহানগৰীৰ চচলত সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী- সহায়িকা সন্থাই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।শুকুৰবাৰে সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে সোণোৱাল চৰকাৰৰ বিৰূদ্ধে ক্ষোভ উজাৰি নিজৰ চুলি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰে।ৰান্ধনী-সহায়িকাসকলৰ দীর্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ বাবে সোণোৱাল চৰকাৰৰ ওচৰত বাৰে বাৰে আবেদন জনাই অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে।

নাথে লগতে কয়-'ৰান্ধনী-সহায়িকা সন্থাক মুখ্যমন্ত্ৰী সোণোৱালে আজিলৈকে এবাৰো সাক্ষাৎ নকৰিলে।কিন্তু এতিয়া ভাড়াতীয়া মানুহ আনি তেওঁলোকে শান্তি সমদল পাতিছে।সেই বাবে আজি আমি অসন্তুষ্ট।'

Pic

উল্লেখ্য যে উপদেষ্টা নাথে জানিবলৈ দিয়ে যে অহা ১৭জানুৱাৰীত তেওঁলোকে ৰাজ্যপাল জগদীশ মুখীক এই সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিব।ইয়াৰ পিছতো যদি তেওঁলোকৰ দাবীসমূহ মানি লৈ মুখ্যমন্ত্ৰীয়ে ৰান্ধনী-সহায়িকাসকলক আলোচনাৰ বাবে নামাতে,তেন্তে অহা ফেব্ৰুৱাৰী মাহত সন্থাৰ হৈ ২০০ গৰাকী ৰান্ধনী-সহায়িকাই দিল্লীত গৈ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰতিবাদস্থলীৰ পৰা স্পষ্টকৈ ঘোষণা কৰে।

Your Comments