'কা'ৰ বিৰুদ্ধে আছুৰ 'ৰণশিঙা':'সংগ্রাম দীঘলীয়া,চৰকাৰ যেতিয়ালৈ ওফৰি নাযাব,তেতিয়ালৈ চলি থাকিব'-দীপাংক নাথ

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত মহানগৰীত বৃহস্পতিবাৰে খিলঞ্জীয়াৰ 'ৰণশিঙা' কাৰ্যসূচী।মহানগৰীৰ গুৱাহাটী ক্লাবৰ ৰ'টাৰীৰ পৰা ডবা, শংখ, বৰতাল, নেগেৰা, বিহু ঢোল, কাৰ্বি ঢোল(চেং), বড়ো ঢোল(খাম), যথা, চিফুং, জুনুকা, ৰাম-কট তাল, টুকুৰী, খোল, মৃদং, টকা, দোতৰা,খুঞ্জুৰী(ডগৰ)আদি থলুৱা বাদ্য পৰিৱেশন কৰি বিজেপিৰ বিৰুদ্ধে 'ৰণশিঙা' বজায়। 'ৰণশিঙা বজাই ৰাইজৰ স্পষ্ট কথা কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব অসমীয়া জাতিক নিঃশেষ কৰি দিব পৰা 'কা'ক।বুৰঞ্জীত ৰণশিঙা যিদৰে বিভিন্ন যুদ্ধৰ আগমুহূৰ্তত বজোৱাৰ কথা উল্লেখ আছে,সেই কথাকে সাৰোগত কৰি খিলঞ্জীয়া অসমীয়ায়ো অসম নামৰ আই মাতৃক ৰক্ষা কৰা সংগ্রামলৈ যে সাজু হৈছে সেই কথা বিজেপিক ৰণশিঙা বজাই বুজাই দিয়া হৈছে'-এই কথা উল্লেখ কৰে লোকবাদ্য শিল্পীসকলে। ৰণশিঙাত উপস্থিত থাকি 'আছু'ৰ মুখ্য উপদেষ্টা ডঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰে যেতিয়ালৈকে 'কা' বাতিল নকৰিব,তেতিয়ালৈকে আন্দোলন চলি থাকিব বুলি স্পষ্টকৈ ঘোষণা কৰে।'মুখ্যমন্ত্ৰীয়ে ৰাস্তাত খোজা কাঢ়িলে ৰাজ্যত শান্তি নাহে'-ডঃ ভট্টাচাৰ্যই লগতে কয়। 'কা' আন্দোলন কংগ্ৰেছ আৰু বাওঁপন্থী দলে পৰিচালিত কৰা বুলি মুখ্যমন্ত্ৰী সোণোৱালে কৰা মন্তব্যক উভতি ধৰি ভট্টাচাৰ্যই কয়-'কংগ্ৰেছ, বাওঁপন্থী, অগপ দলে কি কৰিলে ৰাইজে দেখিলে।চৰিত্ৰ অসমৰ জনতাই জানে।এই আন্দোলনৰ আগত আছে খিলঞ্জীয়া মানুহৰ অসম প্ৰেম,খিলঞ্জীয়া মানুহৰ নিশ্চিত ভৱিষ্যত সংকল্প আৰু দৃঢ়তা।' 'মুখ্যমন্ত্ৰী সোণোৱালে কথা কৈ থাকোতে, তেওঁ চৰকাৰ পৰিচালিত কৰি থাকোতে সোঁৱে-বাঁৱে লম্ফ-জম্ফ কৰি থকা কংগ্ৰেছৰ পৰা যোৱা মানুহ তেওঁৰ লগত আছে'-ভট্টাচাৰ্যই কয়। আছুৰ সভাপতি দীপাংক নাথে বিজেপিয়ে শান্তি সমদললৈ মানুহক এলইডি লাইট আৰু চাউল নাপাব বুলি ভয় খোৱাই অনা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এখন শান্তি সমদল বিজেপিয়ে ৯-১০টা সমষ্টিৰ পৰা মানুহ লৈ আয়োজন কৰে।বুধবাৰৰ জোনাইৰ শান্তি সমদললৈ ১৯টা সমষ্টিৰ পৰা মানুহ গোটাইছিল বিজেপিয়ে।যাতে তৃণমূল কর্মী সকল হতাশ নহয়। 'ৰাইজে একত্ৰিত হোৱাৰ সংকল্প লৈছে।সংগ্রাম দীঘলীয়া,চৰকাৰ যেতিয়ালৈ ওফৰি নাযাব,তেতিয়ালৈ চলি থাকিব'-নাথে কয়।

Pic

শিল্পী জুবিন গাৰ্গে সকলো একগোট হৈ থাকিব লাগিব বুলি উল্লেখ কৰি কয়- আন্দোলন দীঘলীয়া হ'ব।আন্দোলনৰ ভাষা এতিয়া বেলেগ বেলেগ হয় যাব।' সমাজকর্মী দেৱেন দত্তই চৰকাৰে কৰা ষড়যন্ত্ৰ সফল নহয় বুলি উল্লেখ কৰি কয়- 'মোডীৰ অসম ভ্ৰমণ বাতিল হোৱাটোৱে প্ৰথম পৰ্যায়ৰ অসমীয়া জয়।' ৰণশিঙাত বড়ো জনগোষ্ঠীয় চিফুং পৰিৱেশন কৰি ভক্তৰাম বড়োৱে কয়-'কা কি আমি জানিবৰ বাবে ৰণশিঙালৈ আহিছোঁ।' প্ৰায় তিনিশতাধিক লোকে অংশগ্ৰহণ কৰা ৰণশিঙা কাৰ্যসূচীত উপস্থিত থাকে শিল্পী ৰমেন বৰুৱা, মানস ৰবীন,জিনা ৰাজকুমাৰী, ময়ুৰী দত্ত আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি। উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৃহস্পতিবাৰে ৰাজ্যজুৰি ৰূপায়ণ কৰা হয় 'কা'ৰ বিৰুদ্ধে ৰণশিঙা কাৰ্যসূচী।তাৰে অংশ আছিল মহানগৰীৰ কাৰ্যসূচী।

Your Comments