'ছদ্মবেশী আহ্বায়কে আয়োজন কৰিছিল মঙলবাৰে অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত হোৱা অগপ বৈঠকখন।যিসকল আহ্বায়কৰ নাম বৈঠকখনত দিয়া হৈছে,তেওঁলোকে আমাক লিখিতভাৱে জনাইছে তেওঁলোক ইয়াৰ লগত জড়িত নহয় বুলি'-এই বিস্ফোৰক মন্তব্য অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাৰ।বুধবাৰে অগপৰ মুখ্য কাৰ্যালয়ত দলৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ বৈঠকখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাঃ কলিতাই কয়- 'বৈঠকত উপস্থিত থকা ৯০% ব্যক্তি অগপৰ তৃণমূল কর্মীয়ো নহয়।৩০জন মান দলৰ সদস্যৰ বাহিৰে বাকীসকল দলৰ সদস্য নহয়"। 'বৈঠকত উপস্থিত থকা গুণীন হাজৰিকা, নিৰেন শৰ্মা,ডঃ অশ্বিনী মহন্ত, প্ৰণৱ গোস্বামী দলৰ পৰা বহিষ্কৃত নেতা।তেওঁলোকে এইদৰে বৈঠক পাতি অগপক একো ক্ষতি কৰিব নোৱাৰে'-ডাঃ কলিতাই কয়।ইফালে সমগ্ৰ ঘটনাৰে জ্যেষ্ঠ তিনিগৰাকী নেতাৰ উপৰিও আৰু কোন কোন জড়িত সেই সন্দৰ্ভত অনুসন্ধানৰ ব্যৱস্থা কৰা হৈছে বুলি ডাঃ কলিতাই কয়।তাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বিহীত ব্যৱস্থা দলে ল'ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে,২৯খন জিলা সমিতিৰ উপস্থিতিত মহন্তৰ বৈঠকত অগপ নেতৃত্বক 'কা' সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ মঙলবাৰে বান্ধি দিছিল সাতদিনৰ সময়সীমা।সেই প্ৰসংগত ডাঃ কলিতাই কয়-'বাহিৰৰ মানুহে আমাক সময়সীমা বান্ধি দিবলৈ কোন।দলৰ নেতা কোন হ'ব সাংবিধানিকভাৱে কাৰ্যালয়ত আলোচনা হ'ব। আনহাতে,দলৰ কাৰ্যালয়ত মহন্তৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নিদিয়া সন্দৰ্ভত কলিতাই মহন্তক প্ৰত্যাহ্বান জনাই কয়- 'কাৰ্যালয় বিচাৰি তেওঁ আমাক জনাইছিল নেকি!'
- Log in to post comments
- 15 views