ইংৰাজী নৱবর্ষৰ প্ৰথম দিনটোতো জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা' বাতিলৰ দাবীত ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।বুধবাৰে সদৌ অসম আইন ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত মহানগৰীৰ গুৱাহাটী ক্লাবৰ ৰ'টাৰীত নাগৰিকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপূৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে ৰাজ্যখনৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি।অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি বুদ্ধিজীৱী ডঃহীৰেণ গোহাঁইয়ে কয়-'আন্দোলনৰ নেতৃত্ব আমাৰ ছাত্ৰসকলে নিদিলেও পুলিচৰ গুলি বুকু পাতি লৈ গুৰু দায়িত্ব গ্ৰহণ কৰিছে।ছাত্ৰ সমাজৰ সাহস আৰু ধৈৰ্যৰ তুলনা নাই।ছাত্ৰসমাজে 'কা' আন্দোলনটোক অধ্যয়নৰ জৰিয়তে উপযুক্ত পথৰ সন্ধান দিব লাগে।গোহাঁইয়ে কয়-'আন্দোলনত বিদ্ৰোহৰ অগ্নি থাকিবই লাগিব।সময় বান্ধি আন্দোলন কৰিলে নহ'ব।কিন্তু আন্দোলন গণতান্ত্ৰিক হব লাগিব।'
আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই কয়-'কোনো নৱপ্ৰজন্মই আৱেগৰ বশৱৰ্তী হৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ নকৰিব।ঐক্যবদ্ধ হৈ থাকি জাতিৰ স্বাৰ্থত 'কা' বিৰোধী সংগ্রামখন আগবঢ়াই নিব লাগিব।সৰ্বানন্দ সোণোৱাল মোৰ ঘৰৰ ওচৰৰ বুলি লাজ লাগিছে'-চেতিয়াই কয়।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল ছেত্ৰীয়ে কয়-'আমি যি দলতে নাথাকো কিয় এটা কথা মনত ৰখা উচিত অসমত আমি অসমীয়া বুলি জন্ম লৈছোঁ।বিজেপিৰ বুলেটৰ প্ৰত্যুত্তৰ অসমবাসী ৰাইজে বেলটত দিব লাগিব।' কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে কয় -'ছাত্ৰ সমাজৰ আন্দোলন স্বতঃস্ফূৰ্ত।প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ যাওঁতে 'কা' বিৰোধিতা ক'লা বেজ, অসমীয়া গামোচাৰ লগতে জনগোষ্ঠীয় পোছাক পৰিধান কৰি কৰক।লগতে আমি পৰিচয় দিব লাগিব নিজকে চৰকাৰতকৈ স্মাৰ্ট বুলি।' ইফালে আগন্তক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু অসম সাহিত্য সভাৰ অধিৱেশনলৈ কিবা এটা পোৱাৰ আশাত কোনো ৰাজনৈতিক ব্যক্তিক নিমন্ত্ৰণ নিদিবলৈ আহ্বান জনাই ৰাহুলে কয়-'প্রয়োজনত ছাত্ৰ সমাজে পইচা সংগ্ৰহ কৰি দিম তথাপিও এই সকল নেতাক আপোনালোকে নিমন্ত্ৰণ আৰু প্ৰৱেশ কৰিবলৈ নিদিব।' তেজপুৰ বিশ্ববিদ্যালৰ প্ৰতিনিধি অভিশেষ বৰা উপস্থিত থাকি কয়- 'অসম চুক্তিক অৱহেলা কৰাটো কেতিয়াও সহ্য কৰা নহ'ব।'গুৱাহাটী বিশ্ববিদ্যালয়ছাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰ উপস্থিত থাকি কয়-'সংগ্রাম দীঘলীয়া হ'ব।' বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি হেমাংগ নাথ ,কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, বর্তমান সভাপতি হীৰক পাটোৱাৰী, হীৰক জ্যোতি বৰাই বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। প্ৰতিবাদত অংশ গ্ৰহণ কৰি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয়-'মোডীয়ে কৈছিল ঈশান কোন যদি ভালে থাকে দেশ ভাল থাকে বুলি।কিন্তু ঈশান কোন যেতিয়া অশান্ত কৰিছিল সমগ্ৰ দেশ অশান্ত হৈ গ'ল।'আনহাতে,কৃষক নেতা অখিল গগৈ, জিতেন দত্ত, শৃংখল চলিহা প্ৰমুখ্যে প্ৰতিজন কাৰাৰুদ্ধ নেতাক মুকলি কৰাৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে। ধৰ্মঘট কাৰ্যসূচীত পঞ্চশ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চিত্ৰ শিল্পী শিৰোমণি দলেই নাকেৰে ছবি অংকন কৰে।
- Log in to post comments
- 21 views