ঐতিহ্য ৰক্ষাৰে পুননিৰ্মাণ কৰা হৈছে নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰালৰ:নতুনকৈ আণ্ডাৰগ্ৰাউণ্ড সভাকক্ষৰ লগতে নিৰ্মাণ কৰা হ'ব 'অসম কক্ষ'ৰ

Pic

পঢ়ুৱৈ সমাজৰ সুবিধাৰ্থে স্বকীয় ঐতিহ্য ৰক্ষা কৰি পুননিৰ্মাণ কৰা হৈছে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ নবীনচন্দ্ৰ বৰদলৈ পুথিভঁৰাল।গুৱাহাটীৰ অন্যতম পুৰণি পুথিভঁৰালটো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে পুননিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে।তাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ১.৩০কোটি টকা। এই কথা জানিবলৈ দিছে পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ দায়িত্বত থকা সঞ্চালিকা ৰুমী গোস্বামীয়ে।লগতে তেওঁ জানিবলৈ দিয়া অনুসৰি পাঠকৰ সুবিধা হোৱাকৈ পুননিৰ্মাণ কৰা নবীনচন্দ্ৰ বৰদলৈ পুথিভঁৰালৰ অধ্যয়ন কক্ষৰ নিৰ্মাণ চলিত বিত্তীয় বর্ষত নিৰ্ধাৰিত মুঠ পুঁজিৰ ৫০ লাখ টকা ব্যয়েৰে আগন্তক মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব।

উল্লেখ্য যে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গৱেষক ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সুবিধা থকা পুথিভঁৰালটোত নতুন চকী-মেজৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে  সঞ্চালিকা গোস্বামীয়ে।আনহাতে পাঠকসকলৰ বাবে ভাল খবৰ এয়ে যে পুথিভঁৰালটো পুননিৰ্মাণ কৰি থাকিলেও প্ৰয়োজনত পাঠকে সংগ্ৰহ কৰিব পাৰিব বিভিন্ন কাকতৰ পৰা আৰম্ভ কৰি গ্ৰন্থ।

আনহাতে,সঞ্চালিকা গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি ২০২০-২১  বিত্তীয় বর্ষত নবীন চন্দ্ৰ বৰদলৈৰ পুথিভঁৰালৰ লগতে আণ্ডাৰগ্ৰাউণ্ড সভাকক্ষ নিৰ্মাণ কৰা হ'ব।লগতে,নিৰ্মাণ কৰা হ'ব এটা অসম কক্ষ,য'ত সংৰক্ষণ কৰা হ'ব অসমৰ ইতিহাসপ্ৰসিদ্ধ বিভিন্ন গ্ৰন্থৰ লগতে তথ্যসমূহ।তাৰ বাবে আগন্তক বাজেটত ৭০লাখ টকা নিৰ্ধাৰণ কৰাৰ বাবে চিন্তা-চর্চা কৰা বুলি উল্লেখ কৰে সঞ্চালিকাগৰাকীয়ে। 

ইয়াৰ উপৰিও চলিত বর্ষৰ নৱেম্বৰৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালৰ পুননির্মাণ আৰম্ভ হ'ব  আৰু ইয়াৰ বাবে নিৰ্ধাৰিত পুঁজি হৈছে ৪.৫০ কোটি টকা।আনহাতে জিলা পুথিভঁৰালৰ পুননিৰ্মাণৰ কাম আৰম্ভ হ'লেও পাঠকৰ বাবে খোলা থাকিব পুথিভঁৰাল।

Your Comments