বিগত বর্ষসমূহৰ দৰে এইবাৰো দীপাৱলী উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ কৰ্মকর্তাসকলে মহানগৰীত বিতৰণ কৰে মাটিৰ চাকি।গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত শনিবাৰে যুৱ মৰ্চ্চা, অসম প্ৰদেশৰ নেতৃত্বত মহানগৰবাসীৰ মাজত বিতৰণ কৰা হয় প্ৰায় ২৫হাজাৰ মাটিৰ চাকি।বহিৰাগত নানা ৰঙীন লাইটৰ জনপ্ৰিয়তাত হেৰাই যাব খোজা থলুৱা মৃৎ শিল্প পুনৰুজ্জীৱিত কৰাৰ লগতে পৰম্পৰাগত মাটিৰ চাকিৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজিত মাটিৰ চাকি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন ,অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত,ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইকে আদি কৰি যুৱ মৰ্চ্চাৰ বহুসংখ্যক কৰ্মকর্তা।
অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় জনতা যুৱ মৰ্চ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে বৰ্তমান সময়ত হেৰাই যাব খোজা পৰম্পৰাগত মৃৎ শিল্পক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।তেওঁ চীনা সমগ্রী তথা লাইট বৰ্জন কৰি সকলোকে মাটিৰ চাকি ব্যবহাৰ কৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰাৰ বাবে আহ্বান জনায়।
আনহাতে, ভাৰতীয় যুৱ মৰ্চ্চাৰ এই মাটিৰ চাকি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মহানগৰবাসীৰ মাজত চাকি বিতৰণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা। অনুষ্ঠানত উপস্থিত থাকি সাংসদগৰাকীয়ে সমূহ অসমবাসীলৈ দীপাৱলীৰ শুভেচ্ছা জনায়।লগতে যুৱ মৰ্চ্চাৰ মাটিৰ চাকি বিতৰণ কাৰ্যসূচীৰ শলাগ লয়।লগতে কয় যে চাকিৰ যিমান সুন্দৰ,তাতকৈ সুন্দৰ আৰু বেলেগ একো হ'ব নোৱাৰে।
ইয়াৰ উপৰিও উক্ত কাৰ্যসূচীৰ পৰাই ওজাই পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ জনসাধাৰণক দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায়।চাকিৰ পোহৰত যাতে অসমখন পোহৰ হয়,তাৰ ওপৰত ৰাইজক গুৰুত্ব দিবলৈ আহ্বান জনায়।
- Log in to post comments
- 10 views