নগাঁৱৰ লামডিঙৰ বিদ্যালয়ত বিনামূলীয়া চেনিটেৰী নেপকিন তৈয়াৰী মেচিন বিতৰণ

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্রতিবেদন :

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি লামডিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত এখনি আইনী স্বাক্ষৰতা সজাগতা সভা অনুষ্টিত হৈ যায়।সভাখনি সঞ্চালনা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে । বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ ওপৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, জিলা আইন সেৱা প্ৰাধিকাৰীৰ অৰ্ধআইনী সহায়ক দ্বীপেন শইকীয়া,পাপুমনি বৰা সহ শতাধিক ছাত্রী উপস্থিত থকা সভাখনত আইনৰ বিভিন্ন বিষয়ৰ ওপৰত বহল ৰূপত ব্যাখ্যা আগবঢ়োবাৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন উন্নয়ন মূলক কাম কাজ সমূহৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। লগতে সঞ্চালকগৰাকীয়ে বাল্য বিবাহ নিষিদ্ধ আইন আৰু শিশু শ্রমিক নিষিদ্ধ আইনৰ উপৰত ছাত্র-ছাত্রী সকলৰ মাজত ব্যাখ্যা আগবঢ়ায়। উল্লেখ্য যে,এই আইনী স্বাক্ষৰতা পাঠদান শীৰ্ষক সজাগতা সভাখনিৰ লগত সহযোগিতা কৰি নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী মহিলা অনুষ্ঠান "মহেশ্বৰী মহিলা সমিতি"ৰ একান্ত প্ৰচেষ্টাত তথা নিজা উদ্যোগত তৈয়াৰ কৰি উলিওৱা বিনামূলীয়া চেনিটেৰী নেপনিক মেচিন  বিদ্যালয় অধ্যক্ষৰ হাতত অৰ্পণ কৰে "মহেশ্বৰী মহিলা সমিতি" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ উপদেষ্টা তথা নগাঁৱৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সন্দিপনি বিদ্যামন্দিৰৰ অধ্যক্ষা অনিতা চাবু আৰু লামডিংস্থিত বিষয়ববীয়া সকলে।স্মৰ্তব্য যে, স্বেচ্ছাসেৱী অনুষ্টিটিয়ে বৰ্তমানলৈকে জিলাখনৰ উপৰি ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত বিনামূলীয়াকৈ প্ৰায় ডেৰ শতাধিক চেনিটেৰী নেপকিন তৈয়াৰ কৰা মেচিন বিতৰণ কৰা বুলি জানিব পৰা গৈছে । বিদ্যালয়-মহাবিদ্যালয় সমূহত যাতে এতিয়াৰে পৰা জৰুৰী সময়ত ছাত্রী সকলে কোনো সংকোচ নকৰাকৈ নিজে এই মেচিনৰ দ্বাৰা মাত্র ৫ টকা চেনিটেৰী নেপকিন পাব পাৰে সেই উদ্যেশেই এই বিনামূলীয়া চেনিটেৰী নেপকিন মেচিন বিদ্যালয় সমূহত যোগান ধৰা হৈছে | ইয়াৰ দ্বাৰা গাঁও অঞ্চলৰ ভিতৰুৱা বিদ্যালয় সমূহৰ বহু ছাত্রী উপকৃত হ'ব বুলি ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে সভাত উল্লেখ কৰাৰ লগতে মহেশ্বৰী মহিলা সমিতিৰ বিষয়ববীয়া তথা সংগঠনটিৰ লগত জড়িত সকলক বিদ্যালয় সমূহত অধ্যয়নৰত ছাত্রী সকলৰ বাবে এনে এক মহান কাম হাতত লোৱাৰ বাবে শলাগ লয় ।

Your Comments