আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অধিকাংশ অভিলেখ ভংগ কৰিবলৈ আগবাঢ়িছে ভাৰতৰ অধিনায়ক বিৰাট কোহলি।এইবাৰ ৩০ বছৰীয়া কোহলিয়ে ভংগ কৰিলে শচীনৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ২০,০০০ হাজাৰ ৰাণ কৰা দ্রুততম বেটছমেন হোৱাৰ অভিলেখ।শচীন আৰু ব্ৰায়ান লাৰাই ৪৫৩ টা ইনিংছত কৰিছিল ২০,০০০ ৰাণ।ইয়াৰ বিপৰীতে কোহলিয়ে ৪১৭টা ইনিংছত ২০,০০০ ৰাণ পূৰ্ণ কৰে।
বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত বিজয়ী হোৱা খেলখনত কোহলিয়ে ৩৭ ৰাণ কৰাৰ লগে লগে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ২০,০০০ ৰাণ কৰা দ্রুততম বেটছমেনৰ অভিলেখ গঢ়ে।
- Log in to post comments
- 46 views