কোকৰাঝাৰ,২৭ জুন :
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নং বিষ্ণুপুৰৰ মধুবালা মণ্ডলৰ নাম বিভ্ৰাটৰ বাবেই প্ৰায় তিনি বছৰ ধৰি কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকাৰ পিছত বুধবাৰে মুকলি হবলৈ সক্ষম হয়।বিজনীৰ ১ নং বিষ্ণুপুৰৰ বাসিন্দা মধুবালা মণ্ডলৰ(৫৯) উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণ আদালতে বিগত ২০১৬ বৰ্ষত ভাৰতীয় মহিলা গৰাকীক কোকৰাঝাৰস্থিত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে | উত্থাপিত অভিযোগ অনুসৰি যোৱা ২০১৬ বৰ্ষত বিদেশী ন্যায়াধীকৰণ আদালতে ১ নং বিষ্ণুপুৰৰ বাসিন্দা মাখন নমঃদাসৰ পত্নী মধুবালা দাসৰ নামত বিদেশীৰ জাননী জাৰি কৰে |
কিন্তু বহু বছৰ আগতে মাখন নমঃদাস আৰু মধুবালা দাসৰ মৃত্যু হয় | ইয়াৰ পিছতে বিদেশী ন্যায়াধীকৰণ আদালতে মধুবালা দাসৰ নামত জাৰি কৰা বিদেশী জাননীৰ ভিত্তিতেই একেখন গাঁৱৰে বাসিন্দা নেপাল মণ্ডলৰ কণ্যা তথা প্ৰয়াত ৰমাকান্ত মণ্ডলৰ পত্নী মধুবালা মণ্ডলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে । ফলত প্ৰায় তিনি বছৰ ধৰি কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত প্ৰকৃত ভাৰতীয় মহিলা মধুবালা মণ্ডলে বন্দীত্বৰ জীৱন কটোৱাৰ পিছত আজি মুকলি হোৱাত আনন্দৰ বন্যা বৈছে ।
উল্লেখ্য যে মধুবালা মণ্ডলৰ পিতৃ নেপাল মণ্ডলৰ ১৯৭১চনৰ ভোটাৰ তালিকাত নাম থকাৰ লগতে অন্যান্য নথি-পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণ আদালতে মধুবালা মণ্ডলক অযথা বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত স্থানীয় সমাজকৰ্মী অজয় ৰায় নামৰ যুৱকজনে ঘটনা সন্দৰ্ভত বিজনী মহকুমাধিপতি আৰু চিৰাং জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিয়াৰ পিছতে প্ৰশাসন তৎপৰ হৈ পৰে । চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ বিশেষ প্ৰচেষ্ঠাত নাম বিভ্ৰাটৰ বাবেই প্ৰায় তিনিবছৰ ডিটেনশ্যন কেম্পত অতিবাহিত কৰা মধুবালা মণ্ডল আজি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হোৱাত প্ৰশাসনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে পৰিয়ালৰ সদস্যই ।
প্ৰণিধানযোগ্য যে মধুবালা মণ্ডল ডিটেনশ্যন কেম্পত থকাৰ সময়ছোৱাত একমাত্ৰ মুকবধিৰ কণ্যা ফুলমালা মণ্ডল নিঠৰুৱা হৈ পৰিছিল আৰু আজি মাতৃক আদৰি লবলৈ ডিটেনশ্যন কেম্পলৈ আহিছিল । মধুবালাৰ মুক্তি মানৱতাৰ জয় বুলি অভিহিত কৰি বেংগলী ফেডাৰেচনে ডিটেনশ্যন কেম্পত আৱদ্ধ হৈ থকা বেংগলী সম্প্ৰদায়ৰ লোকসকলক মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।
- Log in to post comments
- 7 views