মাজুলীত নাও দুৰ্ঘটনা:এজন সন্ধানহীন

majuli

মাজুলীৰ পৰা  ৰাজীৱ পাতিৰ

মাজুলীৰ ওখলচুকৰ অংশৰ ব্ৰহ্মপুত্ৰত বুধবাৰে সংঘটিত হয় এটা নাও দুৰ্ঘটনা।এই নাও দুৰ্ঘটনাত এজন  সন্ধানহীন হৈছে। আনহাতে,দুজনৰ কথমপি প্ৰাণৰক্ষা পৰিছে। নামনি মাজুলীৰ  কুলি গাঁৱৰ যুৱক ক্ৰমে অনুপল দলে আৰু ভূপেন কুলি নামৰ যুৱক দুজনৰ সৈতে ভেকেলী চাপৰিৰ বিকাশ দলে নামৰ যুৱকজন পাগলা চাপৰিৰ পৰা হাত নাৱেৰে ওখলচুকলৈ আহি আছিল।কিন্তু ব্ৰহ্মপুত্ৰৰ মাজভাগ পাওঁতে হঠাতে আৰম্ভ হোৱা প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা ঢৌত হাত নাওখন বুৰ গৈ দুৰ্ঘটনাত পতিত হয়। 


অনুপল দলে আৰু ভূপেন কুলিয়ে সাঁতুৰি কোনোমতে প্ৰাণ ৰক্ষা কৰে যদিও বিকাশ দলে সন্ধানহীন হৈ পৰে। সন্ধানহীন যুৱকজনক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই।


সন্ধানহীন হোৱা যুৱকজনৰ সন্ধানত ইতিমধ্যে এছডিআৰএফৰ ডুবাৰুৱে অভিযান চলাইছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Your Comments