শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী
বৃদ্ধা মাতৃক ষ্টেচনত এৰি আহিল আপোন পুত্ৰই । এনে এটা ঘটনা সংঘটিত হ'ল বদৰপুৰত। তিনি পুত্রৰ অৱস্থা অতি স্বচ্ছল, চৰকাৰী চাকৰিও আছে। তাৰ পিচতো আশীৰ উৰ্দ্ধ লক্ষী সেনৰ ঠিকনা হ'ব লগা হ'ল বদৰপুৰৰ ৰেলৱে ষ্টেচন ! বয়স বেছি হোৱাত কথা পাহৰি গৈছে বৃদ্ধা মাতৃগৰাকীয়ে। বৃদ্ধাগৰাকীৰ কথাৰ পৰা যি অলপ-অচৰপ জনা গৈছে, সেয়া হ'ল ডাঙৰ পুত্ৰ শংকৰ সেন মাইবাং পিএইচচিৰ বৰবাবু। মাজু পুত্ৰ কৃষ্ণ সেনে বদৰপুৰ পিএইচচিত চাকৰি কৰে। আৰু সৰু পুত্ৰ দিলীপ সেন তিনিচুকীয়াত ব্যৱসায় কৰে। কিন্তু তিনি পুত্ৰ অৱস্থাসম্পন্ন হ'লেও তেওঁলোকৰ সংসাৰত এটুকুৰা ক্ষুদ্ৰ স্থানো নাই বৃদ্ধা মাতৃ লক্ষী সেনৰ।
বৃদ্ধাগৰাকীয়ে জনাই যে বদৰপুৰ ৰে'ল স্কুলৰ পিছফালে তেওঁলোকৰ বাসগৃহ। তেওঁৰ পুত্ৰসকলে সেই ভূমি বিক্রি কৰি জুমবস্তিত ভূমি ক্ৰয় কৰিছিল। কথা আছিল তাত ঘৰ সাজি মাতৃক ৰাখিব। কিন্তু দুর্ভাগ্য লক্ষী সেনৰ, প্ৰথমে নিজৰ ভূমি হেৰুৱাইছিল। এতিয়া বাসস্থানো হেৰুৱাই আশ্ৰয় ল'ব লগা হ'ল ৰে'লৱে ষ্টেচনত। পাঁচ দিন ধৰি প্লেটফর্মত প্ৰৱেশৰ পথত এটা চুকত পৰি থাকে বৃদ্ধাগৰাকী। লগত ব্যৱহৃত সামগ্ৰীৰ এটা বেগ, মূঢ়া,বাল্টি আদি। এই সামগ্ৰীসমূহ হাতত দি ঘৰৰ মানুহে তেওঁক ষ্টেচনত পেলাই থৈ গৈছে বুলি জনালে বৃদ্ধা মাতৃগৰাকীয়ে। ৯ বছৰ বয়সতে নোৱাখালি ৰায়তৰ ঘৰবাৰী এৰি বদৰপুৰলৈ আহিছিল লক্ষী সেন।তাৰপিচত বহু ঘাত-প্রতিঘাতৰ মাজেৰে নিজ সন্তানসকলক ডাঙৰ কৰিছিল। কিন্ত সেই সন্তানেই এতিয়া বৃদ্ধ মাতৃক খেদি দিলে।বৃদ্ধাগৰাকীৰ দুৰাৱস্থাৰ বিষয়ে সোমবাৰে জিলা আইনী সেৱা কর্তৃপক্ষ অৱগত হয়। লগে লগেই জিলা আইনী সেৱা দলৰ সম্পাদক পাৰভেজ আলম চৌধুৰীৰ নেতৃত্বত এটা দল উপস্থিত হয় বদৰপুৰ ৰে'ল ষ্টেচনত। উপস্থিত হৈ বৃদ্ধাগৰাকীৰআত্মীয়-স্বজনৰ সৈতে ফোনত যোগাযোগ কৰিলেও কোনেও ফোন ৰিচিভ নকৰিলে।
তাৰপিচত উপায়ন্তৰ হৈ কৰ্তৃপক্ষই লক্ষী সেনক উদ্ধাৰ কৰি কৰিমগঞ্জলৈ লৈ যায়। হতভগীয়া মাতৃগৰাকীৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰে বিষয়াসকলে।নতুন কাপোৰ যোগান ধৰি বাৰৈগ্রামৰ আশ্রয়গৃহলৈ লৈ যোৱা হয় । কৰিমগঞ্জলৈ যোৱাৰ প্ৰায় আধাঘন্টা পূৰ্বে যথেষ্ট দুখেৰে 'নিউজ এএছএন'ৰ প্ৰতিনিধিক কয়-মোৰ পুত্ৰসকল সুখী থাকক, মোক আৰু একো নালাগে।
- Log in to post comments
- 9 views