নগাঁৱৰ পৰা ঋতু পৰ্ণ শর্মা :
সুৰভি ডেকা ৰজা । ১২ বছৰীয়া এগৰাকী কন্যাশিশু । বিগত ৮ বছৰে বিদ্যালয়লৈ নোযোবাকৈ থকা এগৰাকী কন্যা । এটি জটিল ৰোগত আক্ৰান্ত এই গৰাকী কন্যাই বিগত ৮-৯ বছৰে পেটত এটা ১৮ কেজি ওজনৰ ট্ৰিউমাৰ লৈ জীৱন অতিবাহিত কৰাৰ অন্তত আজি কন্যা গৰাকীয়ে সম্পূৰ্নৰূপে সুস্থ্য জীৱন যাপন কৰিবলৈ সক্ষম হৈছে । মাহ দিয়েক পূৰ্বে স্থানীয় স্বাস্থ্য মিত্র আৰু কেইগৰাকীমান সমাজ সচেতন ব্যক্তিৰ নিজা প্ৰচেষ্ঠাত কঠীয়াতলীৰ ওপৰ- বৰ-লালুং গাঁৱৰ পিতৃ প্ৰয়াত লেৰেলা ডেকাৰজা আৰু মাতৃ লক্ষীমাই ডেকাৰজাৰ কন্যা সুৰভি ডেকা ৰজাই পেটত প্ৰায় ৮-৯ বছৰ ধৰি ১৮ কেজি ওজনৰ এটা প্ৰকাণ্ড টিউমাৰ বিভিন্ন পৰীক্ষা নিৰিক্ষাৰ অন্তত চিকিৎসকে ধৰা পেলায়।
ইয়াৰ পিচতেই অতি দৰিদ্ৰ পৰিয়ালটিয়ে আৰ্থিক অসুবিধাৰ হেতু ব্যয়বহুল চিকিৎসা কৰি কন্যা শিশুটিক সুস্থ কৰি তুলিব নোবাৰি বিভিন্ন জনৰ কাষ চাপিও বিফল হৈ ভগবানকে শেষ ভৰসা কৰি ঘৰতে বহি থাকিবলগীয়া হৈছিল | অৱশেষত যেনিবা স্থানীয় স্বাস্থ্য মিত্র মুক্তিকাম লস্কৰ, স্থানীয় সচেতন মহিলা জ্যোতিকা ডেকাৰজা আৰু কঠীয়াতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক স্থানীয় সমাজ সেৱক তথা জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাৰ সহযোগত আৰু জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ লগত হোবা আলোচনাৰ মৰ্মে সম্পাদিকা প্ৰনিতা মৰাঙৰ একান্ত প্ৰচেষ্টা তথা তৎকালীন ভাবে লোৱা উদ্যোগত কন্যা শিশুটিক প্ৰথমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাৰ এদিন পিচতেই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু শৈল বিভাগত ভৰ্তি কৰায়।জি এম চিত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ১৫ দিনৰ পিচত চিকিৎসালয়খনৰ শিশু শৈল বিভাগৰ চিকিৎসক ডা: ৰাজীৱ ৰয় বৰুৱাৰ তত্বাবধানত এটি চিকিৎসকৰ দলে সুৰভি ডেকাৰজাক জটিল তথা এক অতি গুৰুতৰ অস্ত্রোপ্ৰচাৰ কৰি কন্যা শিশুটিৰ পেটৰ পৰা প্ৰায় ১৮ কেজি ওজনৰ এটা প্ৰকাণ্ড টিউমাৰ বাহিৰ কৰিবলৈ সক্ষম হয় ।
সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে সুৰভি ডেকাৰজাক সম্পূৰ্ণ সুস্থ কৰি নিজ ঘৰলৈ বুলি পঠিয়াই দিয়ে।দুপৰীয়া ১২ বজাত নিজ গৃহত উপস্থিত হোৱাৰ পিচত অগণন লোকে ভিৰ কৰেহি সুৰভি ডেকাৰজাৰ ঘৰত | কন্যা শিশুটিয়ে বিগত ৮-৯ বছৰে পেটত ১৮ কেজি ওজনৰ এটা প্ৰকাণ্ড টিউমাৰ লৈ অৱশেষত সকলোৱে নিজা প্ৰচেষ্টাত পুনৰ এটা নুতুন জীৱন লাভ কৰাত গাঁও বাসী আনন্দত উৎফুল্লিত হৈ পৰা দেখিৱলৈ পোৱা গৈছে | উল্লেখ্য যে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে জীৱন যাপন কৰি থকা পৰিয়ালটিক অঞ্চলৰ বহু লোকে অৰ্থসাহাৰ্য আগবঢ়োবাৰ ওপৰি জিলা আইন সেৱা প্ৰাধিকাৰীৰ নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নেতৃত্বত যোৱা এটি সজাতি দল সুৰভি ডেকাৰজাৰ গৃহত উপস্থিত হয় |
সজাতি দলটিত সম্পাদিকা প্ৰনিতা মৰাঙৰ ওপৰি পেনেল অধিবক্তা ৰূপালী গোস্বামী,শ্বাহনাজ চুলতানা,অৰ্ধআইনী সহায়ক দ্বীপেন শইকীয়া,তুলু বৰা,পাপুমনি বৰা আদি উপস্থিত হয় ।তেওঁলোকৰ গৃহত উপস্থিত হৈ এখনি সভাত অংশ লোবাৰ পিচতে আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙে নিজা ববীয়াকৈও কিছু অৰ্থ সাহাৰ্য তথা কাপোৰ-কানি,খোৱা বস্তু আদি কন্যা শিশু গৰাকীৰ মাতৃৰ হাতত অৰ্পন কৰে | ইয়াৰ বাহিৰেও কন্যা শিশুটিৰ দিৰ্ঘদিনীয়া যন্ত্রনাদায়ক দুৰ্বিসহ জীৱনগাঠা প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱাৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাও শিশুটিৰ মাতৃৰ বেংক একাউন্টত কিছু হিদয়বান লোকে কিছু অৰ্থসাহাৰ্য আগবঢ়াই | সুৰভি ডেকা ৰজাৰ এই জটিল তথা গুৰুত্বৰ অস্ত্রোপ্ৰচাৰটো সম্পূৰ্ন বিনামূলীয়াকৈ হৈছে আৰু অস্ত্রোপ্ৰচাৰৰ আৰম্ভনিতে আৰু শেষত বৰ্তমানলৈকে যিমান পৰিমানৰ পৰীক্ষা- নিৰীক্ষা,ঔষধ পাতিৰ প্ৰয়োজন হৈচিল সেই সকলো বিনামূলীয়াকৈ যোগান ধৰা হৈছিল |
উল্লেখ্য যে,উন্নত চিকিৎসাৰ বাবে সুৰভি ডেকাক কঠীয়াতলীৰ পৰা নগাঁও আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ যাবতীয় ব্যৱস্থাবলী সমূহ নিয়াৰিকৈ সম্পন্ন কৰিলে আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ অৰ্ধআইনী সহায়ক তুলু বৰা আৰু দ্বীপেন শইকীয়াই |
- Log in to post comments
- 38 views