নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কালাগ (হাটখোলা) গাঁৱত মঙলবাৰে এগৰাকী মহিলা জাপানীজ এনকেফালাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে উক্ত গাঁৱৰ কমলা দাস (৫০) নামৰ মহিলা গৰাকী কেইদিনমান পূৰ্ব্বে প্ৰচণ্ড মূৰৰ বিষ আৰু জ্বৰ হোৱাত পৰিয়ালৰ লোকে নলবাৰীৰ এখন নাৰ্চিং হোমত ভৰ্তি কৰে যদিও এদিন পিছতে মহিলা গৰাকীৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সন্দেহ কৰি জি এম চি এইছলৈ প্ৰেৰণ কৰে। জি এম চি এইছত ভৰ্তি কৰোৱাৰ পিছতে মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি নিশ্চিত হয় ৷ জি এম চি এইচত এসপ্তাহ চিকিৎসাৰ অন্তত ৰোগীৰ উন্নতিৰ আশা নেদেখি চিকিৎসকে ঘৰলৈ আনিবলৈ পৰামৰ্শ দিয়ে আৰু মঙলবাৰে নিচেই পুৱাতে মহিলা গৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। আনহাতে নখেতি গাঁৱৰ লক্ষী কলিতা (৫০) নামৰ আন এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছত আক্ৰন্ত হৈ গুৱাহাটীৰ হেল্থ চিটি নামৰ এখন ব্যক্তিগত নাৰ্চিং হোমত এসপ্তাহধৰি চিকিৎসাধীন হৈ আছ। তাৎপৰ্যপূৰ্ণ বিষয় যে বৰভাগ অঞ্চলটোত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিশ্চিত হোৱাৰ পিছতো স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ নিষ্ক্ৰিয়তাত অঞ্চলটোৰ আতংকিত ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে আৰু তাৎক্ষণিকভাৱে বিহিত ব্যবস্থা লোৱাৰ বাবে দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে ৷
- Log in to post comments
- 14 views