নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাৰ ৰূপহী হাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ছোটৰূপহী অঞ্চলৰ এজন ছাত্ৰ সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ছোট ৰূপহী অঞ্চলৰ দুগ্ধ ব্যৱসায়ী ইউনুছ আলিৰ পুত্ৰ চাহেৰ উদ্দিনে (১৮) ২৫ জুনৰ পুৱা ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে ছাত্ৰজনক যথেষ্ট অনুসন্ধান চলায়ো কোনো শূংশূত্ৰ পোৱা নাই। ছাত্ৰজনৰ সন্ধানহীন সন্ধৰ্ভত পৰিয়ালে আজি হয়বৰগাঁও আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছাত্ৰ জনৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে, চাহেৰ উদ্দিন স্থানীয় এন এ চি কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়নৰত। কোনো লোকে ছাত্ৰজনৰ সন্ধান পালে আৰক্ষীক খবৰ দিয়াৰ লগতে ৮৬৩৮৭০৯০৬৮ নম্বৰত যোগাযোগ কৰিবৰ বাৰে ছাত্ৰজনৰ পৰিয়ালে আহ্বান জনাইছে।
- Log in to post comments
- 8 views