![sonari](/sites/default/files/styles/article_detail/public/2019-06/sonari.jpg?itok=FwUpSjvP)
স্থানীয় বাতৰি দিওঁতা
সমগ্র বিশ্বৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিতো পালন কৰা হয় বিশ্ব ড্ৰাগছ বিৰোধী দিৱস। সম্প্ৰতি অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা অসম-নাগালেণ্ড সীমান্তৰ নামতোলাৰ লগতে সোণাৰিতো আজি অনুষ্ঠিত হ'ল বিশ্ব ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন কলেজৰ ছাত্ৰ-ছাত্ৰীক লৈ উলিওৱা হয় এক শোভাযাত্ৰা । এই যাত্ৰাৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত ৰক্ষা কৰক, মানৱ জাতিৰ জীৱন ধ্বংসকাৰী নিচাযুক্ত দ্ৰব্য 'ড্ৰাগছ' বিক্ৰী বন্ধ কৰক, ড্ৰাগছ সেৱন বন্ধ কৰক, লাইফ ফৰ জাষ্টিছ জাষ্টিছ ফৰ লাইফ আদি বিভিন্ন শ্ল'গান দি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ উপৰি ড্ৰাগছৰ ওপৰত দুখনকৈ নাটক অভিনয়ৰ জৰিয়তে ড্ৰাগছৰ কৱলৰ পৰা কিদৰে আতৰি আহিব পাৰি তাৰ এক নিৰ্দশন শিল্পী সকলে দাঙি ধৰে ।
- Log in to post comments
- 5 views