বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ বিজ্ঞান কৰ্মশালা

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও চহৰৰ বিজ্ঞান শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বীৰঝৰা মহাবিদ্যালয়ত আজিৰে পৰা ২৭ জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে 'চাইবাৰ ছিকিউৰিটি, ক্ৰিপ্ট এনালাইছিছ এণ্ড ছিকিউৰিটি ফ'ৰ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ'(Cyber security, Crypt Analysis and Security for Physical Infrastructure) শীৰ্ষক বিষয়ৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আৰম্ভ হৈছে ৷ এই উপলক্ষে আয়োজক সমিতিৰ যুটীয়া সম্পাদিকা তথা মহাবিদ্যালয়খনৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অৰুন্ধতী মেচে আঁত ধৰা অনুষ্ঠানত বীৰঝৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা মহাবিদ্যালয়খনৰ সংগীত 'আমাৰ চেনেহৰ বীৰঝৰা ...' গীতটোৰে কৰ্মশালাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ খনীন্দ্ৰ কুমাৰ শৰ্মাই আদৰণি ভাষণ ৰাখে ৷ অধ্যক্ষগৰাকীয়ে আদৰণি ভাষণত চাইবাৰ অপৰাধৰ ব্যাখ্যা আৰু বৰ্তমানৰ প্ৰেক্ষাপটত ইয়াৰ বিষয়ে জনাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ বিশ্লেষণ কৰে ৷ ইয়াৰ পিছতে কৰ্মশালাখন শুভ উদ্বোধন কৰে পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ মহাপৰিদৰ্শক ৰৌণাক আলী হাজৰিকাই ৷ কৰ্মশাখন উদ্বোধন কৰি আৰক্ষী উপ মহাপৰিদৰ্শক হাজৰিকাই নিজৰ ভাষণত কয় যে - আমি বৰ আতংকগ্ৰস্ত পৰিৱেশত বাস কৰিছো ৷ কাৰণ মাত্ৰ অটিপি ( OTP) এটাৰ দ্বাৰাই আমাৰ ধনৰ লেন- দেন হয় ৷ গতিকে চাইবাৰ অপৰাধৰ বিষয়ে জনাটো প্ৰয়োজনীয় বুলি কয় ৷ তেওঁ নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি এজন আইনৰ ৰক্ষকৰ প্ৰতিনিধি হিচাপে ইয়াৰ ফলত মানুহৰ শান্তি বিঘ্নিত হোৱা দেখিছে বুলি কয় ৷ অৱশ্যে তেওঁ চাইবাৰ অপৰাধ যদিও বিজ্ঞানভিত্তিক তথাপি কিন্তু মানৱীয়তাৰ প্ৰমূল্যবোধৰ লগতো জড়িত হৈ আছে বুলি উল্লেখ কৰে ৷ k

আৰক্ষী উপ মহাপৰিদৰ্শকগৰাকীয়ে এই স্পৰ্শকাতৰ বিষয়টোত সাধাৰণ জনগণৰ মাজত সজাগতা নিতান্তই প্ৰয়োজন বুলিও মত ব্যক্ত কৰে ৷ ইপিনে অনুষ্ঠানত উপস্থিত থকা বঙাইগাঁও শোধনাগাৰৰ উপ মহা প্ৰৱন্ধক দীনেশ দৈমাৰীয়ে সকলো উদ্যোগিক কাম- কাজ ডিজিটেলাইজড হোৱাৰ ফলত বিপদৰ আশংকাও বাঢ়িছে বুলি কয় ৷ আনহাতে কৰ্মশালাৰ সমল ব্যক্তি ড৹ সম্বা মূৰ্তিয়ে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনেকুৱা কৰ্মশালাৰ অতীব প্ৰয়োজনীয়তা আছে বুলি মতপোষণ কৰি বীৰঝৰা মহাবিদ্যালয়ে লোৱা উদ্যোগক শলাগ লয় ৷ অনুষ্ঠানত কে'বাগৰাকীও বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ৷ ইয়াৰ পিছতে মূল কৰ্মশালা আৰম্ভ হয় ৷

কৰ্মশালাত কলকাতা বিশ্ববিদ্যালয়ৰ চি এছ ই বিভাগৰ অধ্যাপক ড৹ নবেন্দু চাকি (Dr.Nabendu Chaki), চাইবাৰ চিকিউৰিটি পৰামৰ্শদাতা আৰু প্ৰশিক্ষক চাম্বা মূৰ্তি ( Samba Murty) আৰু বসন্ত ছনী( Basant Soni) য়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয়বস্তৰ ওপৰত বক্তব্য ৰাখে ৷ উল্লেখ্য যে তিনিদিনীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাখনত ৱেব এপ, ছ'চিয়েল নেটৱৰ্ক প্লেটফৰ্ম আৰু এইবোৰৰ অতি উন্নত ব্যবহাৰৰ নিৰাপত্তাৰ লগত সম্পৰ্ক থকা বিষয়সমূহৰ ওপৰত পৰ্যাপ্ত আলোচনা কৰা হ'ব। সাম্প্ৰতিক সময়ৰ অতি প্ৰাসংগিক আৰু উন্নতমানৰ এই কৰ্মশালাখনত  উদ্যোক্তা বীৰঝৰা মহাবিদ্যালয়ৰ লগতে বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়, চিৰাঙৰ বিজনী মহাবিদ্যালয়, কোকৰাঝাৰৰ চিআইটিইউ, নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়, অসম বিশ্ববিদ্যালয়, বাংগালোৰ আদিৰ  প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আদিয়ে অংশ গ্ৰহণ কৰিব কৰিছে । 

Your Comments