লংকাৰ ভালুকমাৰীত  দিন ডকাইটি,লুটি নিলে স্মাৰ্ট ফোন,নগদ ১৬ হেজাৰ টকা

hojai

লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত আজি দিন দুপৰাতে সংঘটিত হয় এক ডকাইটিৰ ঘটনা | দুৰ্বৃত্তই পিষ্টল দেখুৱাই এগৰাকী লোকৰ পৰা লুটি নিয়ে নগদ ১৬ হাজাৰ টকাৰ লগতে স্মাৰ্ট ফোন আৰু গাড়ীৰ নথিপত্ৰ | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নিমাই নন্দী নামৰ ব্যক্তি জনৰ মিনি টাটা মোৱাইল গাডীত লংকাৰ ইছলাম বস্তিৰ পৰা নিজকে গাডীৰ চালক আৰু হেন্দিমেন বুলি কৈ গাড়ীখনত উঠি আহিছিল দুজন অচিনাক্ত যুৱক |ho

গাডীখনে ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজ অংশ পাওঁতেই চালকৰ আসনত বহি থকা নিমাই নন্দীক গাডীৰ ভিতৰতেই আৰোহিৰ ৰূপত থকা যুৱক দ্বয়ে প্ৰথমতে পিষ্টল দেখুৱাই গাডীখন ৰখাই লয়। আৰু তাৰ পিছতেই আৰম্ভ কৰি দিয়ে লুট-মাৰ।অস্ত্ৰৰ ভাবুকিৰে যুৱকদ্বয়ে গাড়ীখনৰ পৰা লুটি নিয়ে নগদ ১৬ হাজাৰ টকাৰ লগতে এটা স্মাৰ্ট ফোন, আৰু গাডীৰ কিছু নথি পত্ৰ | উল্লেখ্য যে,মিনি টাটা মোৱাইল গাডী খন লংকাৰ পৰা বৰবহালৈ গৈ থকা অৱস্হাতেই উক্ত ঘটনা সংঘটিত হয় | জানিব পৰা মতে মিনি টাটা মোৱাইল গাডীখনৰ নম্বৰ এ এছ ০২বি চি ৩৮৯২। বৰ্তমান ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |

Your Comments