লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত সংঘটিত হয় দিন ডকাইতিৰ ঘটনা।দুৰ্বৃত্তই পিষ্টল দেখুৱাই লুটি নিয়ে নগদ ১৬ হাজাৰ টকাৰ লগতে মোবাইল আৰু গাড়ীৰ নথিপত্ৰ | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নিমাই নন্দী নামৰ ব্যক্তিজনৰ মিনি টাটা মোবাইল গাড়ীত লংকাৰ ইছলাম বস্তিৰ পৰা নিজকে গাড়ীৰ চালক আৰু হেন্দিমেন বুলি কৈ কোনো অজুহাত দেখুৱাই উঠি আহিছিল দুই অচিনাক্ত যুৱক।
দুই অচিনাক্ত যুৱকে উঠি অহা মিনি টাটা মোবাইল গাড়ীখন ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত চালকৰ আসনত বহি থকা নিমাই নন্দীক গাড়ীৰ ভিতৰতেই পিষ্টল দেখুৱাই গাড়ী ৰখাই লুটি নিয়ে নগদ ১৬ হাজাৰ টকাৰ লগতে মোবাইল আৰু গাড়ীৰ নথিপত্ৰ | উল্লেখ্য যে,মিনি টাটা মোবাইল গাড়ীখনেৰে নিমাই নন্দীয়ে লংকাৰ পৰা বৰৱহালৈ গৈ থকা অৱস্থাতেই উক্ত ঘটনা সংঘটিত হয়।মিনি টাটা মোবাইল গাড়ীখনৰ নম্বৰ AS 02 BC 3892।বৰ্তমান ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
- Log in to post comments
- 23 views