যোৱা ২১ আৰু ২২ জুনত গুৱাহাটীৰ বশিষ্ঠস্থিত আৰ্মি ইনষ্টিটিউট অৱ নাৰ্ছিঙত 'বোধি হেল্থ এডুকেছন' আৰু 'আইজ হেল্থ'ৰ সহযোগত দুদিনীয়াকৈ 'Maternal and Child Health’ বিষয়ত এটা প্রশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত আৰ্মি ইনষ্টিটিউটৰ ছাত্রী তথা বেছ হাস্পতালৰ নার্ছসকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানটোত উপস্থিত থাকে বেছ হাস্পতালৰ কমানডেন্ট ব্রিগেডিয়াৰ যোগিন্দৰ সিং,আৰ্মি ইনষ্টিউট অৱ নার্ছিঙৰ অধ্যক্ষ লে: কর্ণেল এম. জয়ালক্ষ্মী,বেছ হাস্পতালৰ অধ্যক্ষ মেট্রণ কর্ণেল আৰ জয়ন্থী আৰু বোধি হেল্থ এডুকেছনৰ দেৱাংগ সৌৰভ গগৈ । ৰিজিঅ'নেল নার্ছিং কলেজৰ অধ্যাপিকা মহুৱা বাসাকে প্রশিক্ষক হিচাপে ভাগ লোৱা অনুষ্ঠানটো পৰিচালনা কৰে অধ্যাপিকা কবিতা বৈশ্যই ।
- Log in to post comments
- 63 views